ৰাছিয়াৰ ১০ খন যুদ্ধবিমান ধ্বংস কৰিলে কিয়েভৰ ভূতে !

thumbs b c 48cd4c46499e5512df255098a96aacc3

নির্ভুল লক্ষ্যভেদ কৰি ইখনৰ পাছত সিখনকৈ ৰাছিয়াৰ যুদ্ধবিমান ধবংস কৰিছে কিয়েভৰ ভূতে। এখন-দুখন নহয়, বৰঞ্চ ৩০ ঘণ্টাৰ ভিতৰতে ছখন ৰুছ যুদ্ধবিমান ধ্বংস হ’ল।

সম্প্রতি এই ধৰণৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত তােলপাৰ লগাইছে। লক্ষ্যণীয়ভাৱে ‘ঘােষ্ট অৱ কিয়েভ’ৰ এই ভিডিঅ’ প্রচাৰ কৰা হৈছে ইউক্রেইন চৰকাৰৰ তৰফৰ পৰাও।

বৃহস্পতিবাৰে যুদ্ধ আৰম্ভ হােৱাৰ প্রথম দিনাই কোনাে অনামী যুদ্ধবিমান চালকৰ এনে কীর্তিৰ কথা প্রচাৰ কৰে ইউক্রেইনে। সেই চালককে কোৱা হৈছে। ‘ঘােষ্ট অৱ কিয়েভ বা কিয়েভ’ৰ ভূত ।

আনকি তেওঁক নায়কৰ আসনতাে অধিষ্ঠিত কৰিছে জেলেন’স্কী চৰকাৰে। যদিও এই দাবীক কেন্দ্ৰ কৰি নানা প্রশ্নও উঠিছে। টুইটাৰত ভাইৰেল হােৱা অসংখ্য ভিডিঅ’ত দেখা গৈছে।

ইউক্রেইনৰ ‘মিগ-২৯’ যুদ্ধবিমানৰ চালকৰ আসনত বহি আছে এজন হেলমেটধাৰী। যুদ্ধবিমান লৈ তেওঁ অনায়াসে ইউক্রেইনৰ নানা চহৰৰ আকাশত উৰি ফুৰিছে আৰু নিখুঁত লক্ষ্যভেদৰ দ্বাৰা হেলাৰঙে মাটিলৈ নমাইছে ৰাছিয়াৰ বায়ুসেনাৰ বিমান।

সকলাে মিলাই এই ‘ঘােষ্ট অৱ কিয়েভ’- এ মুঠ ১০খন ৰুছ যুদ্ধবিমান ধ্বংস কৰিছে বুলি ইউক্রেইন চৰকাৰে দাবী কৰিছে। এই অজ্ঞাত বিমান চালকৰ এই কীর্তিৰ সত্যতা নিৰূপণ কৰি থকাৰ মাজতে ইতিমধ্যে ৫০ লক্ষাধিক লােকে এই ভিডিঅ’ পছন্দ কৰিছে।

এটা ভাইৰেল প’ষ্টত এজন লােকে দাবী কৰি লিখিছে, ‘ৰাছিয়াৰ বায়ুসেনাৰ দুখন এছইউ-৩৫, এখন এছইউ-২৭, এখন মিগ-২৯ তথা দুখন এছইউ-২৫ বিমান উৰাই দিছে ঘােষ্ট অৱ কিয়েভে। ‘অৱশ্যে ইয়াক গুজৱ বুলিয়ে দাবী কৰিছে একাংশ সংবাদ মাধ্যমৰ লগতে টুইটাৰ ব্যৱহাৰকাৰীয়ে।

‘ঘােষ্ট অৱ কিয়েভ’ৰ অস্তিত্বক নাকচ কৰিছে। আন্তর্জাতিক সংবাদ সংস্থা ৰয়টাৰে। তেওঁলােকে দাবী কৰিছে যে টুইটাৰত ভাইৰেল হােৱা ভিডিঅ’টো ভুৱা। সেইটো আচলতে ২০০৮ত নির্মিত ‘ডিজিটেল কমবেট ছিমুলেট’ (ডিচিএছ) নামৰ এটা ভিডিঅ’ গেমৰ ফুটেজ।

ৰয়টাৰৰ মতে, ‘অনলাইনত যি ভিডিঅ’টো দেখা গৈছে, তাত ইউক্রেইনৰ কোনাে ফাইটাৰ জেটে ৰাছিয়াৰ যুদ্ধবিমান ধ্বংস কৰা নাই। সেইটো আচলতে ডিচিএছ ভিডিঅ’ গেমৰ অংশ। অৱশ্যে আন্তর্জাতিক সংবাদ মাধ্যমৰ এই দাবীক মানি লােৱা নাই ইউক্রেইন চৰকাৰে। বৰঞ্চ তেওঁলােকে দেওবাৰে ৩৮ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

ইউক্রেইনৰ চৰকাৰী টুইটাৰ হেণ্ডলত এই ভিডিঅ’ৰ স’তে লিখা হৈছে, মানুহে এওঁক ‘ঘােষ্ট অৱ কিয়েভ বুলি জানে। ইয়াৰ যথার্থতাও আছে। ৰাছিয়ান আক্রমণকাৰী।বিমানসমূহৰ দুঃস্বপ্নত পৰিণত হৈছে ইউক্রেনীয় বায়ুসেনাৰ এই অভিজ্ঞ চালকজন।’

টুইটাৰত ইউক্রেইন চৰকাৰে লগতে দাবী কৰি লিখিছে,‘২০২২ৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়ান আক্ৰমণৰ প্রথম ৩০ ঘণ্টাত ৰাছিয়াৰ ছখন যুদ্ধবিমানক গুলি কৰি নমাইছে ঘােষ্ট অৱ কিয়েভে। তথা ২৬ ফেব্ৰুৱাৰী পর্যন্ত মুঠ ১০খন সামৰিক বিমানক ধ্বংস কৰিছে।

(আকাশ পথৰ যুদ্ধত) ‘মাষ্টাৰ’ বিমান চালক হ’বলৈ কমেও পাঁচখন যুদ্ধবিমান ধ্বংস কৰাটো বাঞ্ছনীয়। অথচ ঘােষ্ট অৱ কিয়েভে তাৰ দ্বিগুণ সংখ্যক বিমানক গুলি কৰি মাটিত নমাইছে।’

উল্লেখ্য যে ইউক্রেইনে ইতিমধ্যে এই ‘ঘােষ্ট অৱ কিয়েভ’ক অলিখিতভাৱে জাতীয় নায়কৰ মর্যাদাও দিছে। এটা কার্টুনসহ চৰকাৰী একাউণ্টত সেই ভিডিঅ’ আৰম্ভ হৈছে। ভিডিঅ’ৰ আৰম্ভণিতে কেইটামান শাৰী যােগ কৰা হৈছে। তাত লিখা হৈছে, ‘দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হয়তাে এই প্রথম এজন মাষ্টাৰ’ বিমান চালক পালে ইউক্রেইনে। মিগ-২৯ বিমানৰ এই অজ্ঞাত চালকজন ‘ঘােষ্ট অৱ কিয়েভ’ নামেৰে পৰিচিত। ইউক্রেনীয়সকল এই সাহসী নায়কৰ ওচৰত কৃতজ্ঞ, যি ৰাছিয়াৰ বিমানেৰে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে।’ এই ইউক্রেনীয় নায়ক’ৰ অস্তিত্বক লৈ প্রশ্ন উত্থাপন হ’লেও তেওঁক প্রশংসা কৰিলে দেশখনৰ প্ৰাক্তন ৰাষ্ট্রপতি পেট্র’ প’ৰ’শ্বেংকোৱে।

ৰাজনৈতিক শত্রুতা এৰি সংকট কালত ৰাষ্ট্রপতি ভ’ল’ডিমিৰ জেলেন’স্কীৰ কাষত থিয় দিয়া পৰ’শ্বেংকোৱেও ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “সাংঘাতিক গতি আৰু সুখকৰ চিকাৰ।‘ঘােষ্ট অৱ কিয়েভ’ৰ দৰে শক্তিশালী ৰক্ষক থাকিলে ইউক্রেইন নিশ্চিতৰূপে যুদ্ধত জয়ী হ’ব।’

ইপিনে, অস্তিত্বক কেন্দ্ৰ কৰিয়ে প্রশ্ন উত্থাপন হােৱা এজন লােকৰ বীৰত্বৰ দাবী জেলেন স্কী চৰকাৰে কিয় কৰিছে বুলিও সম্প্রতি চর্চা হৈছে। এই ক্ষেত্ৰত বহুতে ধাৰণা কৰিছে যে যুদ্ধকালীন পৰিস্থিতিত এজন অজান নায়কৰ আঁৰত আচলতে সমগ্র দেশবাসীকে একত্রিট কৰাৰ পন্থা লৈছে ইউক্রেইনে।

Exit mobile version