মঙলবাৰে দুপৰীয়া ৰুছ ক্ষেপণাস্ত্রৰ আক্ৰমণত কঁপি উঠিল ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভ । প্রশাসনিক ভৱনৰ সন্মুখত এই বিস্ফোৰণত নিহত একাধিক লোক । সূত্রৰ খবৰ, ইয়াতেই আছিল উত্তৰ কর্ণাটকৰ এজন ছাত্ৰ, যাৰ মৃত্যু হৈছে বুলি জনাইছে বৈদেশিক মন্ত্রণালয়ে ।
ভিডিঅ’ত দেখা গৈছে, বিস্ফোৰণৰ প্রাবল্যত ধোঁৱাৰে আৱৰি পৰে চাৰিওদিশ । তাৰ কিছু সময় পাছতেই একাধিক মৃত্যুৰ খবৰ দিছে ইউক্রেইন প্রশাসনে । তেওঁলোকৰ দাবী, চাৰিওফালৰ পৰা ইউক্রেইনক আক্রমণ কৰা ৰুছ সেনাৰ লক্ষ্য এতিয়া দেশৰ প্রশাসনিক ভৱনবোৰ । ইখনৰ পাছত সিখন ভৱন আক্ৰমণ কৰিছে ৰুছে ।
#BREAKING Russia hits Ukrainian civilians in Kharkiv #Kharkhiv #Kharkov #Ukraine #Russia
Civilian casualties have been reported after Russian forces carried out a missile attack on the city’s administration on central square. pic.twitter.com/QfEEGWFf17— ILKHA (@IlkhaAgency) March 1, 2022
নিহত ভাৰতীয় ছাত্ৰজনৰ এজন বন্ধুৱে জনাইছে, খাদ্য আনিবৰ বাবে বাহিৰত ওলাইছিল তেওঁৰ বন্ধু । বাকীসকল হোষ্টেলত থাকে যদিও নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ নামে ছাত্ৰজন ফ্লেটত ভাৰা আছিল । তেওঁৰ ফ্লেটটো ঠিক গভর্নৰ হাউচৰ পাছফালে আছিল । তাতেই আক্ৰমণ কৰে ৰুছ সেনাই ।