Ukraine Russia conflict: কিয়েভৰ ভাৰতীয়সকলৰ নতুন বিপদবার্তা নতুনদিল্লীৰ ,’শীঘ্ৰেই চহৰ ত্যাগ কৰক’

UKRAINE RUSSIA CONFLICT 48 1645794482990 1645794492075

বিপদৰ ইংগিত দিলে ভাৰতে । ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত এতিয়াও যিসকল ভাৰতীয় আছে তেওঁলোকক আজিয়ে কিয়েভ এৰিবলৈ ক’লে নতুন দিল্লীয়ে। শেহতীয়া এক সতৰ্কবাণীত দিল্লীয়ে কয়, “ৰেলযোগে বা আন যিকোনো পদ্ধতিৰে, যিকোনো ধৰণে আজিয়ে কিয়েভ এৰক। ‘

আজি ৰাছিয়াৰ আক্ৰমণত কিয়েভৰ ৰাজপথত এজন ভাৰতীয় ছাত্ৰ নিহত হয়। ইয়াৰ অলপ পাছতে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ এটা টুইট সামাজিক মাধ্যমত প্ৰকাশ পাইছে।

চাৰি শাৰীৰ সেই টুইটটো ৰাজধানী চহৰ কিয়েভত থকা ভাৰতীয়সকলৰ বাবে ভাৰতীয় দূতাবাসৰ পৰা এক “পৰামৰ্শ” আছিল।

তাতে লিখা হৈছে, “সকলো ভাৰতীয়, আনকি ভাৰতীয় শিক্ষাৰ্থীসকলো আজি আৰু অতি সোনকালেই কিয়েভ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে। যদি সম্ভৱ হয় ৰে’লত । যদি নহয়, যি দৰে সম্ভৱ তেনেদৰে যাওক। ‘

Exit mobile version