ইউক্ৰেইনত অধ্যয়নৰত দেৰগাঁৱৰ ছাত্ৰী নিজ গৃহত উপস্থিত

ইউক্ৰেইনত অধ্যয়নৰত দেৰগাঁৱৰ মেধাৱী ছাত্ৰী চালমা চুলতানা আহমেদ সুকলমে নিজ গৃহত উপস্থিত । ইউক্ৰেইনৰ যুদ্ধৰ ভয়াৱহতাৰ কথা অৱগত কৰে ছাত্ৰীগৰাকীয়ে ।

দেৰগাঁৱৰ ব্যৱসায়ী ৰাইচুদ্দিন আহমেদ আৰু চিকিৎসাকৰ্মী নাজমা চুলতানাৰ একমাত্ৰ কন্যা চালমা চুলতানা আহমেদ । ২০১৮ৰ পৰাই ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হিচাপে অধ্যয়নৰত হৈ আছিল ।

চালেহা চুলতানা আহমেদৰ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰলৈ আহ্বান যিকোনো প্ৰকাৰে ইউক্ৰেনত থকা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ উভতাই আনিব লাগে ।

Exit mobile version