ৰাছিয়াৰ বিৰুদ্ধে যুঁজত নামিল গুগল, ৰাছিয়া টুডে-স্পুটনিকৰ ইউ টিউব চেনেল কৰিলে ব্লক

youtube putin 98

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ভয়াৱহ যুদ্ধ অব্যাহত থকাৰ মাজতে গুগলে ৰাছিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত । ৰাছিয়াৰ দুটাকৈ সংবাদ প্ৰতিষ্ঠান ‘ৰাছিয়া টুডে’ আৰু ‘স্পুটনিক’ৰ ইউ টিউব চেনেল ব্লক কৰিলে গুগলে ।

ADVERTISEMENT

ইউ টিউবৰ স্বত্বাধিকাৰী প্ৰতিষ্ঠান তথা ইণ্টাৰনেট ছাৰ্ছ ইঞ্জিন গুগলে এই সিদ্ধান্ত গ্ৰহণ কৰে । গুগলে এই পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ইউৰোপত ৰাছিয়াৰ এই দুটা সংবাদ প্ৰতিষ্ঠানৰ ইউ টিউব চেনেল ব্লক হৈ থাকিব ।

উল্লেখ্য যে ‘ৰাছিয়া টুডে’ আৰু ‘স্পুটনিক’ হৈছে ৰাছিয়াৰ দুটা চৰকাৰী সংবাদ প্ৰতিষ্ঠান আৰু এই সংবাদ প্ৰতিষ্ঠান দুটাক ইউ টিউবত নিষিদ্ধ কৰি গুগলে যুঁজত অৱতীৰ্ণ হোৱা ৰুছ চৰকাৰক এক বাৰ্তা প্ৰেৰণ কৰিলে ।

Exit mobile version