Ukraine Crisis : কিভত আৰু কোনো ভাৰতীয় নাই, জনালে কেন্দ্র‌ই

শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে ২৬খন বিমান

dc Cover jfqoukrc0rhndjd7hgo43roht6 20220227035511.Medi

কিভত আৰু কোনো ভাৰতীয় আবদ্ধ হৈ থকা নাই । তেওঁলোকক দেশত উভতাই আনিবৰ বাবে অহা তিনি দিনত ইউক্রেইনৰ পার্শ্বৱর্তী দেশসমূহৰ বিভিন্ন বিমানবন্দৰত যাব মুঠ ২৬খন বিমান । মঙলবাৰে জনালে কেন্দ্র‌ই ।

ৰাছিয়া-ইউক্রেইন যুদ্ধত কিভসহ একাধিক স্থানত আবদ্ধ হৈ আছিল হেজাৰৰো অধিক ভাৰতীয় । তেনে সময়তে মঙলবাৰে দুই দেশৰ যুদ্ধৰ বলি হয় এজন ভাৰতীয় ছাত্ৰ । বিভিন্ন বাংকাৰত আশ্রয় লোৱা শিক্ষাৰ্থীসকলক দেশত উভতাই আনিবৰ বাবে চৰকাৰক আবেদন জনাইছে । এই পৰিপ্রেক্ষিতত বৈদেশিক সচিব হর্ষবর্ধন শ্রীংলাই জনায়, প্রধানমন্ত্রীয়ে এই বিষয়ত উচ্চ পর্যায়ৰ বৈঠক কৰিছে । ইউক্রেইনত আবদ্ধ হৈ থকা প্রত্যেক ভাৰতীয়ক উদ্ধাৰত সর্বত্ৰ চেষ্টা চলাইছে । তেওঁ আৰু কয়, ‘‘ৰোমানিয়াৰ বুখাৰেষ্ট, হাংগেৰীৰ বুদাপেষ্ট, পোলেণ্ড আৰু শ্লোভাক প্রজাতন্ত্রৰ বিমানবন্দৰসমূহেৰে এই উদ্ধাৰকাৰ্য চলিব ।’’

কেন্দ্রৰ দাবী, ইউক্রেইনৰ ৰাজধানী কিভত আৰু কোনো ভাৰতীয় আবদ্ধ হৈ থকা নাই । বৈদেশিক সচিবে জনায়, কিভত ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে । ৰুছ সামৰিক অভিযানৰ বাবে দূতাবাসৰ কর্মচাৰীসকলকো অন্য স্থানত স্থানান্তৰিত কৰা হৈছে ।

কেন্দ্র‌ই জনাইছে, ইউক্রেইনত প্রায় ২০ হেজাৰ শিক্ষাৰ্থী আছিল । ইতিমধ্যে ১২ হেজাৰ শিক্ষাৰ্থীয়ে ইউক্রেইন ত্যাগ কৰিছে । বাকী সকলৰ কোনো কোনো খাৰকিভ অঞ্চলত আবদ্ধ হৈ আছে । কোনো কোনোৱে পূৱ ইউক্রেইনেৰে সীমান্ত পাৰ হৈছে । এই অঞ্চলত যুদ্ধৰ প্ৰভাৱ সিমান পৰা নাই । আবদ্ধ হৈ থকা সমস্ত ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ তিনি দিন সময় লাগিব ।

আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ স’তে যোগাযোগৰ বাবে এটা টুইটাৰ হেণ্ডেল তৈয়াৰ কৰিছে চৰকাৰে । উদ্ধাৰকাৰ্যৰ গতি বৃদ্ধি কৰিবলৈ ভাৰতীয় বিমান বাহিনীকো কামত লগোৱা হৈছে ।

Exit mobile version