Ukraine-Russia Conflict : ইউক্রেইনত প্রাণ হেৰুৱালে আন এজন ভাৰতীয় মেডিকেল ছাত্ৰ‌ই, আক্রান্ত হয় হৃদৰোগত

student ukraine 16462221103x2 1

ইউক্রেইনত প্রাণ হেৰুৱালে দ্বিতীয় ভাৰতীয় ছাত্ৰ‌ই । ছাত্ৰজনৰ নাম চন্দন জিন্দাল (২২) । চন্দন পঞ্জাৱৰ বাৰনালাৰ বাসিন্দা । তেওঁ ইউক্রেইনৰ ভিন্নিতছিয়াৰ ভিন্নিতসৃছিয়া নেচনেল পাইৰোগভ মেমোৰিয়েল মেডিকেল ইউনিভাৰ্চিটিৰ ছাত্র আছিল । তথ্য অনুসৰি, ছাত্ৰজন ভিন্নিতছিয়াৰ এখন হাস্পাতালত ভর্তি আছিল । তাতেই তেওঁ হৃদৰোগত আক্রান্ত হয় আৰু বুধবাৰে পুৱা মৃত্যুক সাৱটি লয় । চন্দনৰ পিতৃয়ে ইতিমধ্যে ভাৰত চৰকাৰক তেওঁৰ মৃতদেহ দেশত ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে ।

উল্লেখ্য, ইউক্রেইনত ৰুছ আক্ৰমণৰ সন্মুখীন হৈ নিহত হয় প্রথম ভাৰতীয় ছাত্ৰ । মঙলবাৰে খাৰকিভত বোমা বিস্ফোৰণৰ ফলত এই ভাৰতীয় শিক্ষাৰ্থীজনৰ মৃত্যু হয় । তেওঁ উত্তৰ কর্নাটকৰ বাসিন্দা আছিল । মৃত ছাত্রজনৰ নাম নবীন শেখাৰাপ্পা জ্ঞানগৌধৰ । নবীন মেডিকেল কলেজৰ চতুর্থ বর্ষৰ ছাত্র আছিল । নিহত ভাৰতীয় শিক্ষাৰ্থীজনৰ এজন বন্ধুৱে জনায়, খাদ্য আনিবলৈ বাহিৰলৈ গৈছিল তেওঁৰ বন্ধু । বাকীসকল হোষ্টেলত আছিল যদিও নবীন ফ্লেটত ভাৰা আছিল । সেই ফ্ল্যাটটো ঠিক গভর্নৰ হাউছৰ পাছফালে । তাতেই আক্ৰমণ চলাইছিল ৰুছ সেনাই ।

নবীনৰ মৃত্যুৰ পাছতেই কূটনৈতিক সক্রিয়তা আৰম্ভ কৰে নৰেন্দ্র মোদী চৰকাৰে । মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ৰুছ আৰু ইউক্রেইনীয় ৰাষ্ট্রদূতক তলব কৰি এই বিষয়ত কঠোৰ প্রতিক্রিয়া জনোৱা হৈছে বুলিও বৈদেশিক মন্ত্রণালয় সূত্রে খবৰ ।

অৱশ্যে কিভত আৰু কোনো ভাৰতীয় আবদ্ধ নাই । মঙলবাৰে এই দাবী কৰিলে কেন্দ্র‌ই । এই প্রসংগত বৈদেশিক সচিবে জনায়, কিভত ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে । ৰুছ সামৰিক অভিযানৰ বাবে দূতাবাসৰ কর্মচাৰীসকলকো অন্য স্থানত স্থানান্তৰিত কৰা হৈছে । আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশত উভতাই আনিবলৈ আগন্তুক তিনি দিনত ইউক্রেইনৰ পার্শ্বৱর্তী দেশসমূহৰ বিভিন্ন বিমানবন্দৰত মুঠ ২৬খন বিমান যাব বুলিও কেন্দ্র‌ই জনাইছে ।

Exit mobile version