Ukraine-Russia Conflict : ৰাছিয়াৰ স’তে প্রত্যক্ষ সংঘাত নহয়, কিন্তু নেটো দেশসমূহক ৰক্ষা কৰিব আমেৰিকাই

utvlj49k joe biden state of

ইউক্রেইনক শক্তিশালী কৰিবলৈ সকলো ধৰণৰ সাহায্য দিব আমেৰিকাই । কিন্তু ৰাছিয়াৰ স’তে কোনো ধৰণৰ প্রত্যক্ষ সংঘাতত লিপ্ত নহয় তেওঁলোক । বুধবাৰে পুনৰ এই কথা স্পষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । আমেৰিকা আৰু তেওঁলোকৰ জোঁটৰ অন্য নেটো দেশসমূহক বাহিৰৰ আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ সকলো সময়তে তৎপৰ থাকিব বুলিও তেওঁ জনায় ।

বুধবাৰে কংগ্রেছৰ যৌথ অধিবেশনত বাইডেনে কয়, ‘‘নেটো দেশসমূহক ৰক্ষা কৰিবলৈ আমেৰিকা আৰু তেওঁলোকৰ জোঁটসংগীসকলে সর্বশক্তিৰে জঁপিয়াই পৰিব । ৰুছ আগ্রাসনৰ বিৰুদ্ধে ইউক্রেইনবাসীয়ে সাহসেৰে যুঁজ দিছে । যুদ্ধক্ষেত্রত আৰম্ভণিতে আগবাঢ়ি থাকিলেও দীর্ঘ যুঁজৰ ক্ষেত্রত পুতিটে মূল্য পৰিশোধ কৰিব লাগিব ।’’

তেওঁ আৰু কয়, ‘‘আমাৰ বাহিনীয়ে ইউক্রেইনত তেওঁলোকৰ হৈ যুঁজ নিদিয়ে । কিন্তু নেটো দেশসমূহক ৰক্ষা কৰিব আৰু পুটিনক পশ্চিমৰ দিশে আগবঢ়াত বাধা দিব । পোলেণ্ড, ইউক্রেইন, এস্তোনিয়া, লাতভিয়া, লিথুয়ানিয়াৰ দৰে নেটো দেশসমূহক ৰক্ষা কৰাৰ স্বার্থত আমেৰিকাই স্থল, বায়ু আৰু নৌসেনা তৈয়াৰ ৰাখিছে ।’’

পুটিনে কিভক চাৰিওফালৰ পৰা আৱৰি ধৰিলেও কোনো দিন ইউক্রেইনবাসীৰ মন জয় কৰিব নোৱাৰিব বুলিও তেওঁ মন্তব্য কৰে ।

বুধবাৰে ৰাছিয়া-ইউক্রেন সংঘাতৰ সপ্তম দিন । মস্কোৰ আঘাতত ইতিমধ্যে বিপর্যস্ত কিভ । ইউক্রেইনত ৰাছিয়াৰ ক্ষেপণাস্ত্রৰ আঘাতত সেনাৰ লগতে বহু সাধাৰণ লোকৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত ইউক্রেইনক ৰাছিয়াৰ বিৰুদ্ধে থিয় দিবলৈ সাহায্যৰ হাত আগবঢ়াইছে বহু দেশে । ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘাতত লিপ্ত নহ’লেও সামৰিক সাহায্যৰ হাত আগবঢ়াইছে আমেৰিকাসহ একাধিক দেশে ।

আমেৰিকাই ইতিমধ্যে ইউক্রেইনত প্রায় ৩৫০ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় দুহেজাৰ ৬৩৬ কোটি টকা)-ৰ অস্ত্র প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰি আমেৰিকাৰ কিছু টেংক আৰু বিমান ধ্বংসকাৰী ক্ষেপণাস্ত্রও বিচাৰিছে ইউক্রেইনে । এই অস্ত্রবোৰো শীঘ্রে প্ৰেৰণ কৰা হ’ব বুলিও পেন্টাগনে জনাইছে । তদুপৰি ইউক্রেইনৰ প্ৰথম শাৰীৰ যুদ্ধাসকলৰ বাবে বুলেটপ্রুফ জেকেটো পঠাইছে বাইডেন চৰকাৰে ।

Exit mobile version