পেৰিছৰ সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হ’ল পুটিনৰ ম’মৰ মূৰ্তি

পেৰিছৰ গ্ৰেভিন সংগ্ৰহালয়ৰ পৰা আঁতৰোৱা হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ম’মৰ মূৰ্তি ।

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগ্ৰহালয়ৰ সঞ্চালকে ।

সঞ্চালকগৰাকীয়ে কয়, ‘আমি হিটলাৰৰ দৰে স্বৈৰশাসকক কেতিয়াও প্ৰতিনিধিত্ব কৰা নাই, আমি আজি পুটিনকো প্ৰতিনিধিত্ব কৰিব নিবিচাৰো ।’

তেওঁ লগতে কয় যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেন্সকিয়ে সেই স্থান অধিগ্ৰহণ কৰিব পাৰিব ।

২০০০ বৰ্ষত প্ৰস্তুত কৰা ‌মূৰ্তিটো পৰৱৰ্তী নিৰ্দেশ নহা পর্যন্ত গুদামত ৰখা হৈছে ।

Exit mobile version