দেশত চলিত মাহৰ পৰাই আৰম্ভ হ’ব প্ৰচণ্ড তাপপ্ৰৱাহ

heatwave 759 1

চলিত মাহৰ পৰা মে’ৰ ভিতৰত দেশৰ অধিকাংশ অঞ্চলত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি মাৰ্চৰ পৰা মে’ৰ সময়ছোৱাত ভাৰতে প্ৰচণ্ড তাপপ্ৰৱাহৰ সমস্যাত আক্ৰান্ত হ’ব পাৰে । পশ্চিমৰ পৰা মধ্য আৰু উত্তৰ-পশ্চিম ভাৰতত মাৰ্চৰ পৰা মে’ৰ ভিতৰত তাপমাত্ৰা স্বাভাবিকতকৈ অত্যধিক বৃদ্ধিৰ শংকা আছে বুলি জানিবলৈ দি বতৰ বিজ্ঞান বিভাগে লগতে কয় যে চলিত মাহতে দেশৰ বহু অঞ্চলত তাপমাত্ৰা ৪০ ডিগ্ৰী ছেলচিয়াছলৈকে বৃদ্ধি পাব পাৰে । দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰতো এই সময়ছোৱাত তাপমাত্ৰা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি এইবাৰৰ গ্ৰীষ্ম কালত অত্যধিক তাপমাত্ৰা বৃদ্ধিৰ সাক্ষী হ’ব দেশ । জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, ৰাজস্থানৰ মূল অংশ, গুজৰাট, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলটো তাপমাত্ৰা সৰ্বাধিক হ’ব । সমতল ভূমিত এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰাই ৪০ ডিগ্ৰী ছেলচিয়াছৰ সীমা অতিক্ৰম কৰিব পাৰে ।

উল্লেখ্য যে যিকোনো তাপমাত্ৰা স্বাভাৱিকতকৈ ৪.৫ ডিগ্ৰী ছেলচিয়াছ অধিক হ’লে ইয়াত তাপপ্ৰৱাহ বা গ্ৰীষ্মপ্ৰৱাহ বুলি ঘোষণা কৰা হয় । পশ্চিম আৰু মধ্য ভাৰতৰ পাৰ্শ্বৱৰ্তী অঞ্চল, উত্তৰ পশ্চিম ভাৰত আৰু উত্তৰ -পূৱ ভাৰতৰ কিছু অঞ্চলত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাবিকতকৈ অধিক হোৱাৰ শংকা আছে ।

দক্ষিণ উপদ্বীপ আৰু পূব, উত্তৰ-পূব ভাৰতৰ সৰহভাগ অঞ্চলৰ সৰ্বোচ্চ তাপমাত্ৰা এই সময়ছোৱাত কম হ’ব পাৰে । তদুপৰি চলিত মাহত দেশত অস্বাভাৱিক বৃষ্টিপাতৰো সম্ভাৱনা আছে । অৱশ্যে উত্তৰ পশ্চিম, মধ্য ভাৰত আৰু উত্তৰ -পূবৰ কিছু অঞ্চলত স্বাভাবিকতকৈ কম বৃষ্টিপাত হ’ব পাৰে ।

Exit mobile version