বিশ্বত ৪০ কোটি হেৰুৱালে শ্ৰবণ শক্তি : ভয়াৱহ সমস্যাত পৰিণত বধিৰতা

hearing aid main

বিশ্বজুৰি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বধিৰতা । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সাম্প্ৰতিক বিশ্বত কমেও ৪০ কোটি লোকে শ্ৰবণ শক্তিৰ সমস্যাত আক্ৰান্ত হৈছে । এইদৰে বধিৰতাত আক্ৰান্ত হোৱা লোকসকলৰ ৬০ শতাংশ‌ই হৈছে যুৱ প্ৰজন্ম ।

মূলতঃ উচ্চ গ্ৰামত সংগীত শুনা, হেডফোন-ইয়েৰফোন অত্যধিক ব্যৱহাৰৰ পৰিণতিত যুৱ প্ৰজন্ম শ্ৰবণ শক্তি হ্ৰাসৰ সমস্যাত আক্ৰান্ত হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিবেদনত উল্লেখ কৰিছে ।

ৱৰ্ল্ড হিয়েৰিং প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০৫০ বৰ্ষলৈকে বিশ্বজুৰি বধিৰতাত আক্ৰান্ত লোকৰ সংখ্যা ৭০ কোটিলৈ বৃদ্ধিৰ শংকা আছে । শ্ৰবণ শক্তি হ্ৰাসৰ এনে সমস্যাৰ পৰা সকাহ লাভ কৰিবলৈ হ’লে উচ্চ গ্ৰামৰ সংগীত শুনাৰ অভ্যাস ত্যাগ কৰাৰ লগতে হেডফোন-ইয়েৰফোন অধিক সময় ব্যৱহাৰ নকৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিছে ।

Exit mobile version