সাত মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

অহা সাত মাৰ্চত ৯৯-মাজুলী (অ জ) বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ বি-ৰ আধাৰত বেতনসহ বন্ধ ঘোষণা কৰা হৈছে ।

সেইদিনা সমষ্টিটোৰ অন্তৰ্গত সকলো কাৰখানা, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু এনেধৰণৰ অন্যান্য উদ্যোগৰ কৰ্মচাৰী যিসকল মাজুলী সমষ্টিৰ উপনিৰ্বাচনত ভোটদানৰ বাবে যোগ্য, তেওঁলোকে এই দিনটোত বেতনসহ বন্ধ লাভ কৰিব । আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচনত ভোটদানৰ সুবিধা প্ৰদান কৰাৰ অৰ্থে এই কৰ্মচাৰীসকলৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে ।

তদুপৰি, উল্লেখিত নির্বাচনী এলেকাৰ সাধাৰণ বাসিন্দা আৰু সেই নির্দিষ্ট নির্বাচনী এলেকাৰ ভোটাৰ হিচাপে পঞ্জীভুক্ত, কিন্তু নির্বাচনী এলেকাৰ বাহিৰত অৱস্থিত যিকোনো প্রতিষ্ঠানত কৰ্মৰত বা নিযুক্ত ব্যক্তিসকলেও ভোট গ্ৰহণৰ দিনা বেতনসহ এই বন্ধৰ সুবিধা লাভ কৰিব । আনহাতে, দৈনিক মজুৰীপ্ৰাপ্ত/অস্থায়ী শ্রমিকসকলেও এই সুবিধা লাভ কৰিব পাৰিব ।

উল্লেখ্য যে, কোনো নিয়োগকৰ্তাই এই বিধান উলংঘন কৰিলে তেওঁ শাস্তিযোগ্য হ’ব আৰু পাঁচশ টকালৈকে জৰিমনা বিহা হ’ব ।

Exit mobile version