Ukraine-Russia Conflict : ৰুছ আক্ৰমণত জুই ইউক্রেইনৰ পৰমাণু কেন্দ্রত, চেৰনোবিলতকৈও বৃহৎ বিপর্যয় ?

nuclear220303 orkpet

ৰুছ আক্ৰমণৰ ফলত জুই লাগিল ইউক্রেইনৰ জাপোৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্রত । ইউক্রেইনৰ এই পাৰমাণৱিক শক্তি কেন্দ্র ইউৰোপৰ সর্ব বৃহৎ পাৰমাণৱিক শক্তি কেন্দ্র । কোনো প্ৰকাৰৰ বিপর্যয়ৰ পৰা হাত সাৰিবলৈ ইউক্রেইনৰ বৈদেশিক মন্ত্রী দিমিত্র কুলেবাই ইতিমধ্যে সেই এলাকাত যুদ্ধিবিৰতিৰ দাবী জনাইছে ।

দিমিত্র টুইট কৰি জনাইছে, ‘ইউৰোপৰ বৃহত্তম পাৰমাণৱিক শক্তি কেন্দ্র জাপোৰিজিয়া-ত ৰাছিয়াৰ সেনাবাহিনীয়ে চাৰিও দিশথ পৰা গুলি চলাইছে । ইতিমধ্যে তাত জুই লাগিছেই । যদি ইয়াত বিস্ফোৰণ হয় তেনেহ’লে ই চেৰনোবিলতকৈ ১০ গুণ বৃহৎ বিপর্যয় মাতি আনিব । ৰাছিয়াই অবিলম্বে আক্ৰমণ বন্ধ কৰিব লাগিব আৰু অগ্নিনির্বাপক বাহিনীক পাৰমাণৱিক শক্তি কেন্দ্রত নিৰাপত্তা বলয় স্থাপনৰ অনুমতি দিব লাগিব ।’

‘জাপোৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্রত ৰাছিয়ান বাহিনীৰ আক্ৰমণৰ ফলত জুই লাগিছে’, বুলিও জনাইছে পাৰমাণৱিক শক্তি কেন্দ্রৰ মুখপাত্র আন্দ্রেই তুজে ।

জাপোৰিজিয়াত আক্ৰমণৰ পাছতেই তাত জুই লাগে আৰু সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাত পুত যায় । ইয়াৰ বহু ভিডিঅ’ ইতিমধ্যে প্রকাশ্যত আহিছে ।

ইয়াৰ পূৰ্বে ৰাছিয়াৰ বাহিনী দক্ষিণ ইউক্রেইনৰ এনেৰহোদাৰ চহৰত প্রৱেশৰ পাছৰ পৰাই বিপর্যয় হ’ব পাৰে বুলি শংকা প্রকাশ কৰি সতর্কতা জাৰি কৰিছিল ইন্টাৰনেচনেল এটমিক এনার্জি এজেন্সিয়ে ।

প্রসংগত, শুকুৰবাৰে কিভত ৰুছ আগ্রাসন নৱম দিনত প্রৱেশ কৰিলে । ইউক্রেইন দখলৰ পৰৱর্তী পদক্ষেপ সন্দৰ্ভত নিজৰ চিন্তা-চৰ্চা প্রকাশ্যত অনা নাই মস্কোৱে । এনে পৰিস্থিতিত পুটিনৰ স’তে প্ৰত্যক্ষ আলোচনা কৰিব বিচাৰে বুলিও জনাইছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলনস্কিয়ে ।

ইউক্রেইনত ৰুছ আগ্রাসনৰ প্রতিবাদত নামিছে ৰাছিয়াৰ জনগণ । গণবিক্ষোভৰ কন্ঠৰোধ কৰিবলৈ ৰাছিয়া চৰকাৰে ফেচবুকসহ বহুকেইটা সামাজিক মাধ্যমৰ সেৱাত ইতিমধ্যে নিয়ন্ত্রণ আনিছে ।

Exit mobile version