Russia-Ukraine War : ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে দেশতেই ইন্টার্নশ্বিপ কৰিব পাৰিব

1

যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় মেডিকেল কমিছন বা এনএমচি-য়ে । ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে যিসকল চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে ইন্টার্নশ্বিপ সম্পূর্ণ নৌহওঁতেই দেশলৈ উভতি আহিবলৈ বাধ্য হৈছে, তেওঁলোকে ইয়াতেই সেই কোৰ্ছ শেষ কৰিব পাৰিব । শুকুৰবাৰে এটা বিবৃতিত এই তথ্য জনালে এনএমচি-য়ে । এই শিক্ষাৰ্থীসকলৰ পৰা সংশ্লিষ্ট মেডিকেল কলেজে কোনো মাছুল ল’ব নোৱাৰিব । ইয়াৰ উপৰি, দেশৰ কলেজত শিক্ষাগ্ৰহণ কৰা চিকিৎসকসকলৰ সমমর্যাদাৰ সুযোগ-সুবিধা আৰু বৃত্তিও তেওঁলোকে লাভ কৰিব বুলি জনাইছে ৰাষ্ট্ৰীয় মেডিকেল কমিছনে ।

উল্লেখ্য, বিগত বৰ্ষৰ নৱেম্বৰত কার্যকৰ হোৱা নতুন নিয়ম অনুসৰি, একেই মেডিকেল কলেজৰ পৰা স্নাতক আৰু ১২ মাহৰ ইন্টার্নশ্বিপ কৰিব লাগিব চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে । যুদ্ধ পৰিস্থিতিত ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্রত এই নিয়ম পৰিৱৰ্তন কৰা হৈছে । বিবৃতিত কোৱা হয়, ‘কিছুসংখ্যক মেডিকেল স্নাতকে বিদেশৰ পৰা উভতি আহিবলৈ বাধ্য হৈছে । কৰ’না পৰিস্থিতি, তাৰ ওপৰত আকৌ যুদ্ধ । এনে পৰিস্থিতিত দেশত উভতি আহিবলৈ বাধ্য হোৱা শিক্ষাৰ্থীসকলৰ যন্ত্রণা আৰু চাপৰ কথা অনুভৱ কৰি সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকে ইয়াতেই নিজৰ ইন্টার্নশ্বিপ শেষ কৰিব পাৰিব ।’

কিন্তু যিসকল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী স্নাতক নোহোৱাকৈয়ে দেশত উভতি আহিছে তেওঁলোকৰ বাবে একো ব্যৱস্থা কৰা হোৱা নাই নেকি ? অৱশ্যে ইয়াৰ কোনো উত্তৰ পোৱা নাই । এই সম্পর্কিত কোনো বিবৃতিও দিয়া নাই ৰাষ্ট্ৰীয় মেডিকেল কমিছনে ।

Exit mobile version