Ukraine- Russia War : শীঘ্ৰে যুদ্ধ বন্ধ কৰক ! পুটিনক আবেদন ৰাছিয়াৰ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী সংস্থাৰ

PF3WJPLUSNMWVA2CZHNOER2EV4

ইউক্রেইনৰ স’তে চলি থকা যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ আবেদন জনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স’তে সকলো ধৰণৰ সম্পর্ক বিছিন্ন কৰিলে সেই দেশৰ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী সংস্থা লুকঅইলে ।

বিশ্বৰ মুঠ উৎপাদিত অশোধিত তেলৰ প্রায় দুই শতাংশ উৎপাদন কৰে এই ৰুছ সংস্থাই । প্রায় এক লাখ কর্মী কাম কৰে এই সংস্থাত ।

সংস্থাৰ পৰিচালনা পৰিষদে তেওঁলোকৰ অংশীদাৰ, কর্মচাৰী আৰু গ্রাহকসকলক উদ্দেশ্যি এটা বিবৃতিত এই সশস্ত্র সংঘাতৰ দ্রুততম অৱসানৰ আহ্বান জনাইছে । বিবৃতিটোত তেওঁলোকে কৈছে, ‘যুদ্ধত ক্ষতিগ্রস্তসকলৰ প্রতি আমি আন্তৰিক সহানভূতি প্রকাশ কৰিছো । আমি শীঘ্ৰে যুদ্ধ বন্ধ হোৱাটো বিচাৰো আৰু আলোচনা মাধ্যমত সমস্যাৰ সমাধান হ‌ওক ।’

লুকৱেলৰ চেয়াৰমেন আৰু চিইঅ’ ভেগিট এলেকপ্রভ ৰাছিয়াৰ অন্যতম ধনী ব্যক্তি । সংবাদ সংস্থা সূত্রে খবৰ, লুকৱেলৰ অধিকাংশ অংশীদাৰী, প্রাক্তন তৈল শোধনাগাৰ কর্মচাৰী আৰু তেওঁৰ সহকাৰী লিঅ’নিড ফেডানৰ তাত আছে । ইউক্রেইন-ৰাছিয়া যুদ্ধ পৰিস্থিতিৰ ফলত পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে আন্তর্জাতিক ব্যৱসায়ীসকলে ৰাছিয়াৰ অশোধিত তেল কিনাৰ পৰা বিৰত আছে । ফলত লুকঅইলে বিপুল ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে । লণ্ডনত এই সংস্থাৰ শ্বেয়াৰ দৰ হৈছে প্রায় ৯৯ শতাংশ ।

যোৱা বৃহস্পতিবাৰৰ পৰা কোম্পানিৰ শ্বেয়াৰৰ ওপৰত সমস্ত লেনদেন বাতিল কৰি দিয়া হৈছে । কেৱল লণ্ডন নহয় আমেৰিকাতো ব্যৱসায় চলোৱাত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে লুকঅইল । নিউ ইয়র্ক, নিউ জাৰ্ছি, পেনচিলভেনিয়াজুৰি প্রায় দুশৰো অধিক পেট্রল পাম্প আছে সংস্থাটোৰ । কিন্তু সেই ঠাইৰ বাসিন্দাসকলে সংস্থাটোক বয়কট কৰিছে ।

সম্প্রতি ৰাছিয়াৰ আৰু দুই ধনকুবেৰ মিকাইল ফ্রিডমেন আৰু অ’লেগ দেৰিপাস্কাই যুদ্ধ বন্ধ কৰাৰ আবেদন জনাই ক্রেমলিনৰ স’তে তেওঁলোকৰ সমস্ত সম্পর্ক বিছিন্ন কৰিছে । মিকাইল ফ্রিডমেন ৰাছিয়াৰ বৃহত্তম বেচৰকাৰী বেংক আলফা বেংকৰ চেয়াৰমেন । এই আলফা বেংকৰ ওপৰতো সম্প্রতি নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাই ।

Exit mobile version