টাটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সন্মান

ভাৰতীয় বজাৰত টাটাৰ নতুন 'কাজিৰঙা' গাড়ী

Tata Kaziranga edition launched

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সন্মান জনাই টাটা মটৰ্ছে শেহতীয়াকৈ বজাৰত মুকলি কৰিছে একাধিক নতুন এছ‌ইউভি সংস্কৰণ । টাটা পাঞ্চ, টাটা নেক্সন, টাটা হেৰিয়াৰ আৰু কোম্পানীটোৰ ফ্লেগশ্বিপ এছ‌ইউভি মডেল টাটা ছাফাৰীৰ কাজিৰঙা বিশেষ সংস্কৰণ মুকলি কৰা হৈছে । এই জনপ্ৰিয় মডেলসমূহৰ শীৰ্ষ ভেৰিয়েণ্টসমূহৰ নামকৰণ কৰা হৈছে কাজিৰঙাৰ নামত ।

এই গাড়ীসমূহৰ ভিতৰত থকা ডেশ্বব’ৰ্ডকে ধৰি একাধিক স্থানত বেইজ ৰং ব্যৱহাৰ কৰা হৈছে আৰু সকলো গাড়ীৰ সন্মুখৰ ফেণ্ডাৰত একোটাকৈ ৰাইনো বেজ আছে ।

টাটা পাঞ্চ কাজিৰঙা সংস্কৰণৰ মূল্য হৈছে ৮.৫৮ লাখ টকাৰ পৰা ৯.৪৮ লাখ টকা । ইয়াত অন্তৰ্ভুক্ত আছে বেইজ চামৰাৰ আনুষংগিক সামগ্ৰী, পিয়ানো ব্লেক ডোৰ, বেইজ ডেশ্বব’ৰ্ড, গ্ৰেনাইট ব্লেক ৰুফ টেইল, পিয়ানো ব্লেক ফ্ৰণ্ট গ্ৰিল আৰু ক’লা ৰঙৰ ১৬ ইঞ্চিৰ এলয় হুইল ।

আনহাতে, টাটা নেক্সন কাজিৰঙা সংস্কৰণৰ গাড়ীখনত একে ধৰণৰ কেতবোৰ পৰিৱৰ্তন দেখিবলৈ পাব । বাহনখনত সহ-চালকৰ বাবে ভেণ্টিলেচন চিট আৰু ইলেক্ট্ৰনিক আইআৰভিএম উপলব্ধ হ’ব । টাটা নেক্সনৰ এক্সজেড প্লাছ আৰু এক্সজেড এ প্লাছ ভেৰিয়েণ্ট দুখনৰ কাজিৰঙা সংস্কৰণ উপলব্ধ হ’ব । ইয়াৰ মূল্য ১২১ পৰা ১৩ লাখ টকাৰ ভিতৰত ।

একেদৰে, টাটা হেৰিয়াৰ কাজিৰঙা সংস্কৰণত আগৰ সকলো আপডেটৰ স’তে ১৭ ইঞ্চিৰ ক’লা এলয় হুইল ব্যৱহাৰ কৰা হৈছে । টাটা হেৰিয়াৰৰ এক্সজেড+ আৰু এক্সজেড এ+ ভেৰিয়েণ্ট দুখন কাজিৰঙা সংস্কৰণত উপলব্ধ হ’ব । হেৰিয়াৰৰ কাজিৰঙা সংস্কৰণৰ মূল্য ২০.৪০ লাখ টকাৰ পৰা ২১.৭০ লাখ টকাৰ ভিতৰত ।

ইফালে, কোম্পানীটোৰ ফ্লেগশ্বিপ যাত্ৰীবাহী গাড়ী টাটা ছাফাৰীৰো কাজিৰঙা সংস্কৰণ মুকলি কৰা হৈছে । টাটা ছাফাৰীৰ কাজিৰঙা সংস্কৰণ উপলব্ধ হ’ব ২০.৯৯ লাখ টকাৰ পৰা ২২.৩৯ লাখ টকাত ।

Exit mobile version