সামৰণি পৰিল ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ

কাৰ্বি যুৱক-যুৱতিক অৰ্গেনিক কৃষিৰ ওপৰত মনোনিৱেশ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2022 03 06 at 6.30.05 PM 2

জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হৈ থকা তাৰালাংচৰ ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ যোৱা নিশা সামৰণি পৰে ৷ প্ৰায় লক্ষাধিক দৰ্শকেৰে আজি পুৱা চাৰি বজালৈ লোকেলোকাৰণ্য হৈ পৰে তাৰালাংচৰ বাকৰি ৷ জিলাখনৰ কাৰ্বি কালচাৰেল ছ’চাইটিৰ ৩২ টা জ’নেল সমিতিৰ উপৰিও তেজপুৰ, মেঘালয় আৰু শিলচৰ প্ৰতিনিধি শিল্পীসকলে চাৰিটাকৈ বিশাল মুকলি মঞ্চত প্ৰতি দিনেই নৃত্য-গীত পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে ৷ সহস্ৰাধিক যুৱক-যুৱতী শিল্পীয়ে মুকলি আকাশৰ তলত এক মেলামুখী পৰিৱেশৰ মাজত পৰাম্পৰাগত জাতীয় নৃত্যৰে পাঁচটা দিন ধৰি ৰসাল কৰি তোলা ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আজি প্ৰাণোচঞ্চল কাৰ্বি যুৱক-যুৱতীৰ নৃত্য ছন্দেৰেই যৱনিকা পৰে ৷

সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰ্বি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷ যুৱ মহোৎসৱটোৰ আৰম্ভণিৰ দিনৰ পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্য-গীতে দৰ্শকসকলক পাচোঁটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুৰ পৰা তাৰালাংচলৈ মাৰাথান দৌৰ, দিনটো বিভিন মঞ্চত নৃত্য, ক্ৰীড়া, চুটি গল্প লিখন আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া চিং মিৰজেং আচেতাই (মঞ্চত) ৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ ক্ৰমে সভাপতি-সম্পাদক আৰু সদস্যসকলক কেচিএছৰ দ্বাৰা সম্বাৰ্ধনা জ্ঞাপন কৰে ৷

সামৰণি অনুষ্ঠানত ক্ৰমে, বিদ্যাছিং ইংলেং, ৰূপছিং টিচ’, দৰচিং ৰংহাঙ উপস্থিত থাকে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে ৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্বি ছয় বিদ্ৰোহী সংগঠনৰ স’তে হোৱা শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব ৷ অসমৰ ভিতৰতে কাৰ্বি আংলঙৰ ভূখণ্ড এক উন্নয়নৰ ভূখণ্ড বুলিও তেওঁ কয় ৷ কাৰ্বি জাতিক অসমৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এক উন্নয়নশীল জাতিৰূপে প্ৰতিষ্ঠা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কাৰ্বি আংলঙত নিৰ্মাণ হোৱা সামগ্ৰীৰ উচিৎ বজাৰ মূল্য পোৱাৰ ব্যৱস্থা কৰা হ’ব লগতে কাৰ্বি যুৱক-যুৱতীসকলক অৰ্গেনিক কৃষিৰ লগত জড়িত হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ কাৰ্বিসকলৰ পৰিচয় সভ্যতা সংস্কৃতি আৰু হেমফুৰ লগত ৷ কাৰ্বি আংলঙৰ অপৰূপ সৌন্দৰ্য আৰু মনোমোহা পৰিৱেশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ কাৰ্বি আংলঙত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, কাৰ্বি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত আতংকময় পৰিৱেশ আছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বৰ্তমান উক্ত অঞ্চলসমূহত বিদ্ৰুোহী সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিছে ৷

৪৮ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকাপ্তাৰেৰে লাংহিনত অনুষ্ঠিত সদৌ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ অধিৱেশনত অংশগ্ৰহণ কৰি বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিৰলা অসম ৰাইফলছৰ ওচৰৰ জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱন আৰু তাৰালাংচত মিউজিয়ামৰ উদ্ধোধন কৰে ৷

কাৰ্বি পিপলছ হল তাৰালাংচত কাৰ্বি লোক কৃষ্টি আৰু সংস্কৃতিৰ বিকাশ আৰু সংবৰ্ধনৰ বিশেষ ব্যৱস্থাই পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি সচেতন মহলে ক’ব খোজে ৷ আনহাতে, আজি কেম্প ফায়াৰৰ পাছত যুৱক-যুৱতীসকলে অশ্ৰুসিক্ত নয়নেৰে ঘৰমুৱা হয় ৷

Exit mobile version