ৰাছিয়া-ইউক্রেইন যুদ্ধ অব্যাহত থকাৰ সময়তে এইবাৰ ইউক্রেইন সেনাৰ দাবী, ৰাছিয়াৰ দুখন যুদ্ধবিমান গুলি কৰি নমাইছে তেওঁলোকে । তেওঁলোকে দুজন ৰুছ পাইলটকো বন্দী কৰি ৰাখিছে । লগতে, গুলি চালনাৰ সময়তে যুদ্ধবিমান নমাওতে এজন সহকাৰী পাইলটৰ মৃত্যু হৈছে । সামাজিক মাধ্যমত সেই ভিডিঅ’ও প্রকাশ কৰিলে ইউক্রেইনে ।
দুয়োটা ঘটনাই শনিবাৰে সংঘটিত হৈছে বুলি দাবী ইউক্রেইন প্রতিৰক্ষা মন্ত্রণালয়ৰ । ইউক্রেইন চৰকাৰৰ প্রতিৰক্ষা মন্ত্রণালয়ৰ চৰকাৰী টুইটাৰ হেণ্ডেলৰ পৰা এখন ৰুছ যুদ্ধবিমানক গুলি কৰি নমোৱা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে । দাবী কৰা হৈছে, ভিডিঅ’টো উত্তৰ ইউক্রেইনৰ চেৰনিহিভৰ । সেই যুদ্ধবিমানৰ পাইলটক বন্দী কৰা হৈছে । লগতে, মৃত সহকাৰী পাইলটৰ নামো জনাইছে ইউক্রেইনে । ইউক্রেইনৰ স্থানীয় সংবাদ মাধ্যমৰ দাবী, তেওঁলোকৰ সেনাৰ গুলিত নিকোলেইভত আৰু এখন ৰুছ যুদ্ধবিমান ভাঙি পৰিছে । তাৰো পাইলটক বন্দী কৰিছে তেওঁলোকে ।
UPD❗
Щойно на околицях Чернігова фахівці ППО збили ще один ворожий штурмовик! pic.twitter.com/D3yiff8uyr— Defense of Ukraine (@DefenceU) March 5, 2022
উল্লেখ্য, দেওবাৰে ১১ দিন হ’ল ৰাছিয়া-ইউক্রেইন যুদ্ধ । ইউক্রেইনৰ দাবী, যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰায় ১০ হেজাৰ ৰুছ সেনা নিহত হৈছে । ইয়াৰ উপৰি ২৬৯টা টেংক, ৪০টা হেলিকপ্টাৰ, ৫০টা এমএলআৰএছসহ ৰাছিয়াৰ বহু অস্ত্র আৰু সৰঞ্জাম তেওঁলোকে ধ্বংস কৰিছে ।
#Russian plane shot down over #Nikolaev, pilot captured. pic.twitter.com/cmfl0depwf
— NEXTA (@nexta_tv) March 5, 2022