আৰু কিমানটা অ’মিক্ৰন প্ৰজাতিৰ আগমন ঘটিব ?এইবাৰ বি এ.৩ৰ আগমনৰ সম্ভাৱনা

1255860

বিশ্ব স্বাস্থ্য সংস্থা (হু)ই বাৰে বাৰে সকীয়নি দি আহিছে যে ক’ভিডৰ অমিক্রন প্রজাতিক লঘুভাৱে গ্ৰহণ কৰাটো উচিত নহয়।

ADVERTISEMENT

অমিক্রনৰ সংক্রমণে মানৱ শৰীৰত দীর্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে বুলিও গৱেষকসকলে মন্তব্য কৰি আহিছে। ব্যাপক টিকাকৰণৰ পাছতাে বিশ্বই প্ৰায়বােৰ দেশতে অমিক্রনৰ ত্রাস অব্যাহত আছে।

অৱশ্যে এতিয়াও অমিক্রনে বিশ্বত মাৰাত্মক ৰােগ ধাৰণ কৰা নাই। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আগন্তুক সময়ত অমিক্রনৰ নতুন ৰূপান্তৰৰ ফলত অধিক ভয়াৱহ ক’ভিড প্ৰজাতিৰ আগমন ঘটিব পাৰে।

জাপানৰ কেইজনমান চিকিৎসকে এক গৱেষণাত দাবী কৰা অনুসৰি অ’মিক্রনৰ নতুন ৰূপ বি এ.২ৰ ৰূপান্তৰৰ ফলত মাৰাত্মক প্রজাতিৰ সৃষ্টি হ’ব পাৰে।

কিয়নাে অমিক্রন বি এ.২ৰ সংক্ৰমণৰ হাৰ যিদৰে অধিক, একেদৰে ক’ভিডৰ এই প্রজাতিয়ে সহজে প্রতিষেধকৰ ৰক্ষাকবচ ভেদ কৰিব পাৰে। সেয়েহে জাপানৰ বিজ্ঞানীয়ে অমিক্রন বি এ.২ প্রজাতিৰ ৰূপান্তৰক লৈ পুনৰ সতর্কবার্তা দিলে।

বিজ্ঞানীসকলৰ মতে, বি এ.২ৰ পাছত এই ধৰালৈ অমিক্রন নতুন প্রজাতি বি এ.৩ৰ আগমনৰ যথেষ্ট সম্ভাৱনা আছে। ৰূপান্তৰৰ ফলত বি এ.৩ প্রজাতিৰ ক’ভিড ভাইৰাছ অধিক মাৰাত্মক হােৱাৰ শংকা নুই কৰিব নােৱাৰি বুলি বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য কৰিছে।

Exit mobile version