মেডিকেল নহয়,এই বিষয় অধ্যয়নৰ বাবেহে বিদেশলৈ সৰ্বাধিক গমন কৰে ভাৰতীয় ছাত্ৰই

college students 600x400 1

প্রতি বছৰে যথেষ্ট সংখ্যক ভাৰতীয় ছাত্র-ছাত্রীয়ে মেডিকেল পাঠ্যক্রম অধ্যয়ন কৰিবলৈ বিদেশলৈ গমন কৰি আহিছে। কিন্তু পৰিসংখ্যা অনুসৰি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম অধ্যয়ন কৰিবলৈ নহয়, দৰাচলতে আন কিছুমান বিষয় অধ্যয়ন কৰাৰ বাবেহে সর্বাধিক সংখ্যক ভাৰতীয় ছাত্র-ছাত্রীয়ে বিদেশলৈ গমন কৰি আহিছে।

জ্ঞানধন’ৰ সহ-প্রতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অংকিত মেহৰাই প্রকাশ কৰা অনুসৰি প্ৰতি বছৰে ভাৰতৰ পৰা প্রায় পাঁচ লাখ শিক্ষার্থীয়ে বিভিন্ন পাঠ্যক্রম অধ্যয়নৰ বাবে বিদেশলৈ গমন কৰি আহিছে।

এইসকল ছাত্র-ছাত্রীৰ ৬০ শতাংশই মূলতঃ চাৰিটা বিষয় অধ্যয়নৰ বাবে বিদেশলৈ যায়। মেহৰাই প্ৰকাশ কৰা মতে, বিদেশত অধ্যয়ন কৰিবলৈ যােৱা ভাৰতীয় ছাত্র-ছাত্রীৰ সৰহসংখ্যকে বিজ্ঞান, প্রযুক্তি, ইঞ্জিনিয়াৰিং আৰু গণিত শাস্ত্র অধ্যয়নৰ বাবে বিদেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰি আহিছে।

দেশৰ পৰা বিদেশ গমন কৰা শিক্ষার্থীৰ ৬০ শতাংশই মূলতঃ এই চাৰিটা বিষয়ত অধ্যয়নৰ বাবে বিদেশৰ শিক্ষানুষ্ঠানত নামভর্তি কৰে। বিদেশলৈ অধ্যয়নৰ বাবে যােৱা ভাৰতীয় শিক্ষার্থী সংখ্যা প্রতিবছৰে ২৫ শতাংশ হাৰত বৃদ্ধি অব্যাহত আছে বুলিও মেহৰাই জানিবলৈ দিয়ে।

উক্ত চাৰি বিষয়ৰ পাছত দেশৰ সর্বাধিক সংখ্যক শিক্ষার্থীয়ে বিদেশৰ শিক্ষানুষ্ঠানত এম বি এ পাঠ্যক্ৰমত নামভৰ্তি কৰি আহিছে। ভাৰতৰ সর্বাধিক সংখ্যক শিক্ষার্থীয়ে এম বি এ অধ্যয়নৰ বাবে আমেৰিকা আৰু কানাডালৈ গমন কৰে।

শিক্ষাগ্রহণৰ বাবে বিদেশলৈ যােৱা ভাৰতীয় শিক্ষার্থী প্রথম পছন্দ হৈছে আমেৰিকা। দুহেজাৰ বৰ্ষত দেশৰ পৰা বিদেশলৈ গমন কৰা শিক্ষার্থীৰ ৫৯ শতাংশই আমেৰিকাত উচ্চ শিক্ষা গ্রহণ কৰিছিল। আনহাতে, সাত শতাংশই অষ্ট্রেলিয়াত আৰু ছয় শতাংশই ব্রিটেইনত অধ্যয়ন কৰিছিল।

Exit mobile version