Bank Notes : দুহেজাৰ বা পাঁচশ টকাৰ এটা নোট তৈয়াৰ কৰোতে চৰকাৰৰ ব্যয় কিমান টকা  ?

close up shot indian rupee banknotes 8087 2292

পাঁচশ বা দুহেজাৰ টকাৰ এখন কাগজত নোট তৈয়াৰ কৰোতে চৰকাৰৰ কোষাগৰৰ পৰা কিমান টকা ব্যয় হয় ?

১০ হ‌ওক বা দুহেজাৰ টকা — প্রতিটো বেংকনোট তৈয়াৰ কৰিবলৈ কিমান টকা ব্যয় হয়, সেয়া জানিবলৈ কিছু বছৰ আগতে এটা জনস্বার্থ গোচৰ ৰুজু কৰা হৈছিল । সর্বভাৰতীয় সংবাদমাধ্যমত তাল খতিয়ানো প্রকাশ পাইছিল ।

কাগজৰ নোটৰ ব্যয় সম্পর্কে জনোৱাৰ আগতে পিছুৱাই যাওক ২০১৬ৰ আঠ নৱেম্বৰত । একে নিশাতে পাঁচশ আৰু হেজাৰ টকাৰ নোট বাতিল বুলি ঘোষণা কৰিছিল কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে । যাৰ ফলাফলক লৈ আজিও চৰকাৰ আৰু বিৰোধী, দুপক্ষৰ বিতর্ক অব্যাহত ।

মোদী চৰকাৰৰ দাবী আছিল, কাগজৰ নোটৰ ব্যৱহাৰ কমাই ডিজিটেল লেনদেন বঢ়ালে ক’লা টকাৰ লেনদেন ৰোধ কৰিব পৰা যাব । যদিও বিৰোধীসকলৰ দাবী, বিগত কিছু বছৰত ডিজিটেল লেনদেন বাঢ়িছে । অৱশ্যে নগদ লেনদেন যে কমি গৈছে, সেইটো ক’ব নোৱাৰি । কৰ’নাকালত গৃহবন্দী অৱস্থাত বেংকনোটৰ সংখ্যা আৰু ব্যৱহাৰ দুটাই বাঢ়িছে বুলি দাবী বিৰোধী পক্ষৰ ।

দেশৰ বজাৰত কোন বেংকনোট কিমান পৰিমাণে মুকলি কৰা হ’ব, সেয়া ৰিজার্ভ বেংকৰ পৰামর্শতেই স্থিৰ কৰে কেন্দ্র‌ই । কিমান নোট ছপা কৰাৰ প্রয়োজন, সেয়া স্থিৰ কৰিবলৈও শীর্ষ বেংকৰ দ্বাৰস্থ হ’বলগীয়া হয় । জনসাধাৰণৰ লেনদেনৰ চাহিদা পূৰণ কৰিবলৈ কিমান টকা বজাৰত মুকলি কৰা হ’ব, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয় ৰিজার্ভ বেংকে ।

ৰাজ্যসভাত এটা প্রশ্নৰ উত্তৰত বিগত বৰ্ষত কেন্দ্রীয় বিত্ত প্রতিমন্ত্রী পংকজ চৌধুৰীয়ে কৈছিল, ‘‘২০১৮ৰ ৩১ মার্চ পর্যন্ত ৩৩ কোটি ৬০ লাখটা দুহেজাৰ টকাৰ নোট বজাৰত আছিল । যি বজাৰৰ মুঠ নোটৰ ৩.২ শতাংশ । আর্থিক মূল্যৰ নিৰিখত সেয়া ৩৭.২৬ শতাংশ আছিল ।’’

বিত্ত প্রতিমন্ত্রীয়ে জনাইছে, ২০২১ৰ ২৬ নৱেম্বৰত বজাৰত বেংকনোটৰ সংখ্যা আগতকৈ কমিছে । সেই সময়ত দুহেজাৰ টকাৰ ২২ কোটি ৩০ লাখ নোট বজাৰত আছিল । যি বজাৰৰ মুঠ নোটৰ ১.৭৫ শতাংশ । আর্থিক মূল্যৰ নিৰিখত সেয়া ১৫.১১ শতাংশ ।

২০১৮ত এটা সর্বভাৰতীয় সংবাদমাধ্যমৰ তৰফৰ পৰা জনস্বার্থ গোচৰত বিভিন্ন বেংকনোট ছপা কৰাৰ ব্যয় জানিব বিচৰা হৈছিল । তাত জানিব পৰা গৈছে, দুহেজাৰ টকাৰ এটা নোট তৈয়াৰ কৰিবলৈ চৰকাৰৰ ৪.১৮ টকা খৰচ হয় ।

নোটবন্দিৰ পাছত পাঁচশ টকাৰো সালসলনি কৰা হৈছে । নতুন ৰূপৰ সেই টকা বনাবলৈ নোট প্রতি ২.৫৭ টকা খৰচ হয় চৰকাৰৰ । আনহাতে, এশ টকাৰ এটা বেংকনোট বনাবলৈ ১.৫১ টকা খৰচ হয় ।

১০ আৰু ৫০ টকাৰ এটা নোট তৈয়াৰ কৰিবৰ বাবে খৰচ একেই — ১.০১ টকা । অৱশ্যে ২০ টকাৰ বাবে এক টকা খৰচ হয় ।

সেই জনস্বার্থ গোচৰৰ পৰা জানিব পৰা গৈছে, পাঁচশ টকাৰ পুৰণি আৰু নতুন নোট তৈয়াৰৰ খৰচতো পার্থক্য আছে ।

পাঁচশ টকাৰ এটা পুৰণি নোট তৈয়াৰ কৰিবলৈ খৰচ হৈছিল ৩.০৯ টকা । ফলত এই মূল্যৰ এটা নতুন নোটত ৫২ প‌ইচা সঞ্চয় হয় চৰকাৰৰ । যদিও এই হিচাপ সম্পূৰ্ণ ২০১৮ৰ ।

Exit mobile version