Modi Putin Talks : পুটিনক ফোন প্ৰধানমন্ত্ৰী মোদীৰ, ‘মধ্যস্থতাকাৰীৰ’ ভূমিকাত প্রধানমন্ত্রী ?

1019317 modi putin ani photo

জেলেনস্কিৰ পাছত এইবাৰ পুটিনক ফোন মোদীৰ । পুৱা ইউক্রেইনৰ (Ukraine) ৰাষ্ট্রপতি ভল’দিমিৰ জেলেনস্কিৰ (Volodymyr Zelenskyy) স’তে কথা পতাৰ পাছত, ৰাছিয়াৰ (Russia) ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ (Vladimir Putin) স’তে কথা পাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । দুয়োজনে প্রায় ৫০ মিনিট কথা পাতে । ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত কথা হয় দুই ৰাষ্ট্রপ্রধানৰ । যাৰ পাছতেই প্রশ্ন উঠিছে, যুদ্ধৰত (Russia Ukraine War) দুই দেশৰ ৰাষ্ট্রপ্রধানৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাত মোদী নেকি ?

তথ্য অনুসৰি, আজি প্ৰধানমন্ত্ৰী মোদীয়ে (Narendra Modi) পুটিনক প্ৰত্যক্ষভাৱে জেলেনস্কিৰ স’তে আলোচনা কৰাৰ অনুৰোধ কৰে । প্রসংগত আজি দ্বাদশ দিন হ’ল ৰাছিয়া-ইউক্রেইন যুদ্ধ (Russia Ukraine War) । তেনে সময়তে মধ্যস্থতাকাৰীৰ উপস্থিতিত দুই দেশৰ মাজত মন্ত্রী পর্যায়ত বা আধিকাৰীক পর্যায়ত কথা হৈছে । কিন্তু এই পর্যন্ত জেলেনস্কি-পুটিনৰ প্ৰত্যক্ষভাৱে আলোচনা হোৱা নাই ।

উল্লেখ্য, আজি পুৱা ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকো (Volodymyr Zelenskyy) ফোন কৰে প্রধানমন্ত্রীয়ে । আধা ঘণ্টাৰো অধিক কথা হয় দুই নেতাৰ । ইয়াৰ পাছতেই প্রশ্ন উঠিছে, যুদ্ধৰত দুই দেশৰ ৰাষ্ট্রপ্রধানক মুখামুখি আলোচনাত বহাবলৈ মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈছে প্ৰধানমন্ত্ৰী মোদী ?

লগতে, পুটিনক ফোনত এতিয়ও আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক যাতে দ্রুত উলিয়াই আনিব পৰা যায়, তাৰ বাবে ‘ছেফ পেছেজ’ (Safe Passage) সুনিশ্চিত কৰাৰো দাবিশী জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইউক্রেইনত ৰাছিয়াৰ আগ্রাসনৰ (Russia Ukraine War) পাছৰ পৰাই ভাৰতীয় শিক্ষাৰ্থীসহ নাগৰিকসকলক ‘ইভাকুৱেছন’ প্রক্রিয়াত (Evacuation Process) জোৰ দিছে কেন্দ্রীয় চৰকাৰে । কিন্তু আবদ্ধ হৈ থকা ছাত্র-ছাত্রীসকলক উদ্ধাৰক লৈ দোষাৰোপো কৰা হৈছে । ৰাছিয়াৰ দাবী, আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ‘মানৱ বর্ম’ (Human shield) হিচাপে ব্যৱহাৰ কৰিছে ইউক্রেইনে । এই দাবী অস্বীকাৰ কৰিছে কিয়েভে । তেওঁলোকৰ মতে, যুদ্ধ বিৰতি (Ceasefire) ঘোষণা কৰিও বাৰে বাৰে লংঘন কৰিছে ৰাছিয়াই । ফলত শিক্ষাৰ্থীসকলক ‘ছেফ পেছেজ’ দিয়া হোৱা নাই ।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে পুটিনক যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ আৰু ইউক্রেইনৰ স’তে আলোচনা কৰিবৰ বাবে দাবী কৰিছিল । সেই বিষয়ত কিছু হ’লেও অগ্রসৰ হৈছে পুটিন । আজি তৃতীয়বাৰৰ বাবে ইউক্রেইনৰ চাৰি চহৰ – কিয়েভ, খাৰকিভ, মাৰিওপোল আৰু ছুমিত সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে মস্কোৱে ।

Exit mobile version