Russia-Ukraine War : তৃতীয়বাৰৰ বাবে যুদ্ধবিৰতিৰ ঘোষণা কৰিলে ৰাছিয়াই

ukraine soldiers edit

মানৱীয় কৰিডৰ তৈয়াৰ কৰিবলৈ ইউক্রেইনৰ একাধিক চহৰত সাময়িক যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ । তৃতীয়বাৰৰ বাবে যুদ্ধ বিৰতি ঘোষণা । যদিও ইউক্রেইনে কয়, এবোৰ ৰাছিয়াৰ ‘নাটক’ । কাৰণ ইয়াৰ আগতে যুদ্ধবিৰতি ঘোষণা কৰিও ৰুছ সেনাই আক্রমণ চলাইছিল কিভসহ বহু চহৰত । বহু জনসাধাৰণৰ প্রাণ গৈছে ।

ভাৰতীয় সময় ১২-৩০ বজাৰ পৰা খাৰকিভ, মাৰিপুল আৰু ছুমি চহৰত এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । সংবাদ সংস্থাৰ খবৰ অনুযায়ী, ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰেৰ অনুৰোধতেই এই সিদ্ধান্ত লৈছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে । কিছু দিন পূৰ্বে মাকৰেৰ স’তে ফোনত কথা পাতিছিল পুটিনে । সেয়ে এই সিদ্ধান্ত বুলি ধাৰণা অনেকৰ ।

যদিও ইয় সিদ্ধান্তত সন্তুষ্ট নহয় ইউক্রেইন ৰাষ্ট্ৰপতি জেলনস্কি । তেওঁলোকৰ অভিযোগ, ইয়াৰ আগতে দুবাৰ ইউক্রেইনৰ মাৰিউপোল আৰু ভলনোভাখা চহৰত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰে ৰাছিয়াই । কিন্তু প্রতিবাৰেই সেই বিৰতি ভংগ কৰি আক্ৰমণ কৰে ৰাছিয়াই ।

সোমবাৰে ১২ দিন হ’ল ৰাছিয়া-ইউক্রেইন যুদ্ধ । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ক হাইকমিছনাৰৰ কার্যালয়ৰ পৰা দেওবাৰে জনোৱা হৈছে, ৰাছিয়াৰ আগ্রাসন আৰম্ভ হোৱাৰ পাছৰ পৰাই ইউক্রেইনত ২৬০ জন লোক নিহত হৈছে । ২৪ ফেব্রুৱাৰীৰ পৰা প্রায় চাৰে ১০ লাখ লোকে ইউক্রেইন ত্যাগ কৰি অন্য দেশত শৰণার্থী হৈছে ।

ইউক্রেইনৰ অভিযোগ, খাৰকিভৰ এটা পৰমাণু ৰিয়েক্তৰৰ কাষত একেৰাহে ক্ষেপণাস্ত্র আক্ৰমণ কৰি আছে ৰাছিয়াই । এই আক্ৰমণত তেওঁলোকে যি গ্ৰেণেড লঞ্চাৰ ব্যৱহাৰ কৰিছে, তাৰ লক্ষ্য সিমান সঠিক নহয় । ফলত যিকোনো মুহূর্তত এই পৰমাণু ৰিয়েক্তৰত বিস্ফোৰণ ঘটিব পাৰে । এবাৰ যদি তাত বিস্ফোৰণ ঘটে, তেন্তে তাৰ প্রভাৱ ইউৰোপৰ দেশসমূহতো দ্রুত বিয়পি পৰিব পাৰে ।

এনে পৰিস্থিতিত ৰাছিয়াই সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰিলেও সেয়া সদর্থকভাৱে গ্রহণ কৰিব পৰা নাই কিভে ।

Exit mobile version