দক্ষিণ চীন সাগৰত সামৰিক অনুশীলন চীনৰ সেনাৰ

3000

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ মাজতে বিতর্কিত দক্ষিণ চীন সাগৰত সামৰিক অনুশীলন আৰম্ভ কৰিলে চীনৰ নৌসেনা বাহিনীয়ে।

সামৰিক অনুশীলন অব্যাহত থকাৰ সময়ত বিতর্কিত জলৰাশিৰ পৰা বাণিজ্যিক জাহাজসমূহক আতৰি থাকিবলৈকো নিদের্শনা জাৰি কৰিলে চীনৰ নৌবাহিনীয়ে।

আন্তর্জাতিক সংবাদ মাধ্যমৰ যােৱা ২৭ ফেব্ৰুৱাৰীৰ পৰা দক্ষিণ-চীন সাগৰত সামৰিক অনুশীলন আৰম্ভ কৰিলে চীনৰ নৌসেনা বাহিনীয়ে।

যুদ্ধকৌশল প্রদর্শনৰে হাইনান প্রদেশ আৰু ভিয়েটনামৰ মাজৰ জলৰাশিত সম্প্রতি চীনা নৌসেনা বাহিনীৰ যুঁজাৰু জাহাজে অনুশীলন অব্যাহত ৰাখিছে।

এসপ্তাহ পূর্বে হাইনান প্রদেশৰ প্রশাসনে এক বিবৃতিত উল্লেখ কৰিছিল যে অহা ১৫ মার্চলৈকে দক্ষিণ চীন সাগৰত চীনৰ সেনা বাহিনীয়ে সামৰিক অনুশীলন চলাব।

এই সময়ছােৱাত বাণিজ্যিক জাহাজসমূহক আন সমুদ্রপথৰে যাত্ৰা কৰিবলৈকো চীনে আহ্বান জনাইছে। উল্লেখ্য যে চীনে সমগ্র দক্ষিণ চীন সাগৰক নিজৰ বুলি দাবী কৰি আহিছে।

Exit mobile version