Wang Yi : আলোচনা কৰিব বিচাৰো : চীন

6225f8cfa310cdd3d8336642

চীন আৰু ভাৰতৰ সম্পর্কত সাম্প্রতিক কালৰ প্ৰভাৱ পৰিছে বুলি মানি ল’লে চীনা বৈদেশিক মন্ত্রী ৱাং ইয়ে । দুয়োখন দেশে ইটোৱে সিটোক সহযোগিতা কৰা উচিত বুলি তেওঁ ধাৰণা কৰে । ৱাঙৰ মতে, সীমান্ত সমস্যাও সমাধান কৰা উচিত আলোচনাৰ মাধ্যমত ।

আজি বেইজিঙত বাৎছৰিক সাংবাদিক বৈঠকত ৱাঙে কয়, ‘‘ভাৰত-চীন সম্পর্কত সম্প্রতি কিছু প্ৰভাৱ পৰিছে । সেয়া দুই দেশৰ মৌলিক স্বার্থৰ পৰিপন্থী ।’’ ৱাঙৰ বক্তব্য, ‘‘সীমান্ত সমস্যা ইতিহাসৰ দান । চীনে সকলো সময়তেই আলোচনাৰ ভিত্তিত সমাধান উলিওৱাৰ কথা কৈ আহিছে । লগতে বৃহত্তৰ সহযোগিতাত ওই বিষয়টোৰ প্রভাৱ পৰিব দিব নিবিচাৰে চীনে ।’’

ৱাঙৰ মতে, ‘‘চীন আৰু ভাৰতে প্রতিদ্বন্দ্বী নহৈ অংশীদাৰ হোৱা উচিত ।’’ লাদাখত কিছুমান এলাকাৰ পৰা এতিয়াও চীনা সেনা প্ৰত্যাহাৰৰ লক্ষণ দেখা নাই । সম্প্রতি চীন প্রসংগত মাত মাতিছে বৈদেশিক মন্ত্রী এছ জয়শংকৰেও । তাৰ পৰিপ্রেক্ষিতত ৱাঙৰ মন্তব্য তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে কূটনীতিকসকলে ।

ৱাঙৰ বক্তব্য, ‘‘কিছু শক্তিয়ে ভাৰত আৰু চীনৰ মাজত সমস্যা সৃষ্টি কৰিব বিচাৰিছে । বিভিন্ন অঞ্চলক বিভক্ত কৰিব বিচাৰে । তেওঁলোকৰ কাৰ্য‌ই চিন্তাশীল ব্যক্তিক আৰু সতর্ক কৰিছে ।’’ নাম নোলোৱাকৈয়ে ৱাঙে আমেৰিকাক ইংগীত কৰিছে বুলি ধাৰণা কূটনীতিকবিদসকলৰ ।

চীনা বৈদেশিক মন্ত্রীয়ে কয়, ‘‘চীন আৰু ভাৰত, দুই দেশৰ জনসংখ্যাই এশ কোটিৰো অধিক । অনেকেই বুজিছে যে নিৰপেক্ষ থাকিলেহে তেওঁলোকে নিজৰ ভাগ্য নির্ধাৰণ কৰিব পাৰিব ।’’ তেওঁৰ বক্তব্য, ‘‘ভাৰতীয় প্রবাদ অনুযায়ী, ভাতৃৰ নাও পাৰ কৰি দিলে নিজৰ নৌকাও পাৰ পায় । আমি ভাবো কৌশলগতভাৱে চীনৰ পৰা ভাৰতৰ বা ভাৰতৰ পৰা চীনৰ কোনো বিপদৰ শংকা নাই । বৰঞ্চ ইটোৱে সিটোক উন্নয়নৰ সুযোগ দিব পাৰে তেওঁলোকে । আমাৰ আশা ভাৰতে এই মতামতক সত্য প্রমাণ কৰিবলৈ আমাক সহযোগ কৰিব ।

Exit mobile version