পাত্রীৰ দেহৰ বৰণ উল্লেখ থকা বিবাহৰ বিজ্ঞাপন প্রকাশ নকৰে এইখন সংবাদপত্রই

wedding couple bride groom free reuse

বিবাহৰ ক্ষেত্ৰত আজিও একাংশ লােকে পাত্রীৰ দেহৰ বৰণক অগ্রাধিকাৰ দিয়ে। এনে চিন্তাধাৰাৰ বিৰুদ্ধে এক পদক্ষেপ গ্রহণ কৰিলে দেশৰ আগশাৰীৰ হিন্দী সংবাদপত্র ‘দৈনিক ভাস্কৰ’-এ।

সংবাদপত্ৰখনে এতিয়াৰে পৰা পাত্রীৰ দেহৰ বৰণ উল্লেখ কৰা বিবাহৰ বিজ্ঞাপন ছপা নকৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে ‘দৈনিক ভাস্কৰ ‘কাকতত বহুলােকে পাত্র-পাত্রীৰ সন্ধান বিচাৰি বৈবাহিক বিজ্ঞাপন প্রকাশ কৰি আহিছে।

দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰখনে লােৱা সিদ্ধান্ত অনুসৰি পাত্ৰীৰ ছালৰ বৰণ উল্লেখ কৰি বিবাহৰ বাবে কইনাৰ সন্ধান বিচৰা বিবাহৰ বিজ্ঞাপন এতিয়াৰে পৰা ‘দৈনিক ভাস্কৰ’ত প্রকাশ কৰা নহ’ব।

বর্ণ বৈষম্যৰ বিৰুদ্ধে সংবাদপত্ৰখনৰ এই পদক্ষেপ তাৎপর্যপূর্ণ বিবেচিত হৈছে।

Exit mobile version