সোণৰ মূল্য ৫৫ হেজাৰৰ অধিক হ’ল, ইউক্ৰেইন সংকটৰ পৰিণতিত ১৮মাহৰ পাছত সৰ্বাধিক বৃদ্ধি

997315 gold rate india ians

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ অব্যাহত থকাৰ সময়তে বিশ্বজুৰি বিভিন্ন সা-সামগ্ৰীৰ মূল্য উর্ধ্বমুখী হ’বলৈ ধৰিছে।

এই যুদ্ধৰ বুধবাৰে চতুর্দশদিনত সােণ আৰু খাৰুৱা তেলৰ মূল্য আন্তর্জাতিক বজাৰত সর্বাধিক হ’ল। সােণৰ মূল্য বুধবাৰে ১৮ মাহৰ পাছত সর্বোচ্চ হ’ল।

প্রতি ১০ গ্রাম ২৪ কেৰেটৰ সােণৰ মূল্যই ৫৫ হেজাৰ টকাৰ সীমা অতিক্রম কৰিলে। বুধবাৰে পুৱা সােণৰ মূল্য ১.৪ শতাংশ বৃদ্ধিৰে প্রতি ১০ কেৰেটৰ মূল্য ৫৫,১৯০ টকা হয়।

একেদৰে ৰূপৰ মূল্যও প্রতি কিলােত ১.৮ শতাংশ বৃদ্ধিৰে ৭২,৬৯৮ টকা হয়। বিশেষজ্ঞসকলৰ মতে, ইউক্রেইন সংকটৰ পৰিণতিত আগন্তুক সময়ত সােণৰ মূল্য অধিক বৃদ্ধিৰ সম্ভাৱনা আছে।

Exit mobile version