Kartik Aaryan: কাৰ্তিক আৰিয়ানক ২০ কোটি টকা দি বিয়াৰ প্ৰস্তাৱ অনুৰাগীৰ ,কি ক’লে অভিনেতাজনে

kartik sept 9

বলিউডত নতুন প্ৰজন্মৰ অভিনেতাসকলৰ ভিতৰত অবিশ্বাস্যভাৱে জনপ্ৰিয় কাৰ্তিক আৰিয়ান । কিছুদিন পূৰ্বে,দুগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হৈ কাৰ্তিকক চিঞৰিছিল আৰু কাৰ্তিকৰ স’তে চেল্ফি লোৱাৰ ইচ্ছা পূৰণ কৰিছিল ।

ইয়াৰ ভিতৰতে অভিনেতাজনৰ স’তে বিয়াত বহাৰ সপোন কাৰ্তিকৰ একাংশ মহিলা অনুৰাগীৰ। এইবাৰ তেওঁক এগৰাকী অনুৰাগীয়ে দিলে বিবাহৰ প্ৰস্তাৱ ।

সম্প্ৰতি নিজৰ ‘ধামাকা’ ছবিৰ এটা সংলাপৰ ভিডিঅ’ কাৰ্তিকে ‘ প’ষ্ট কৰিছিল । ভিডিঅ’টোত এগৰাকী সৰু ছোৱালীয়ে সংলাপ কোৱা দেখা গৈছে ।

ভিডিঅ’টোৰ মন্তব্যতে এটা কমেন্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।মন্তব্যত এগৰাকী যুৱতীগৰাকীয়ে লিখিছে, “আচ্ছা, মোক বিয়া কৰাই লওক মই আপোনাক ২০ কোটি টকা দিম। ‘

কাৰ্তিকেও যুৱতীগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰত লিখিলে, ‘কেতিয়া’ ?। অৱশ্যে,ভিডিঅ’ত শিশু অনুৰাগীৰ স’তে কাৰ্তিকৰ এনে এটা মিঠা ভিডিঅ’ই অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। বহুলোকে লিখিছিল, “অসম্ভৱ সুন্দৰ” ভিডিঅ’।

Exit mobile version