দুমাহ পূৰ্বে আমেৰিকাৰ চিকিৎসকে মানৱ দেহত সফলতাৰে গাহৰিৰ হৃদপিণ্ড প্ৰতিষ্ঠাপনৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । কিন্তু স্থায়ী নহ’ল এই নজিৰবিহীন সাফল্য ।
অস্ত্ৰোপচাৰৰ দুমাহ পাছত বুধবাৰে নিশা মৃত্যু হ’ল ডেভিড বেনেট নামৰ ৫৭ বছৰীয়া ব্যক্তিজনৰ । আমেৰিকাৰ ইউনিভাৰ্চিটী অৱ মেৰিলেণ্ড মেডিকেল স্কুলে প্ৰকাশ কৰা অনুসৰি বিগত কিছুদিন ধৰি বেনেটৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু বুধবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
প্ৰসংগত উল্লেখ্য যে যোৱা সাত জানুৱাৰীত চিকিৎসকে সফলতাৰে বেনেটৰ শৰীৰত গাহৰিৰ হৃদপিণ্ড প্ৰতিষ্ঠাপন কৰিছিল । অস্ত্ৰোপচাৰৰ পাছৰে পৰা বেনেটক চিকিৎসকে নিৰীক্ষণত ৰাখিছিল ।