নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে

charantjit channit mar11 d

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে শুকুৰবাৰে বিধানসভা নিৰ্বাচনত তেওঁৰ দলৰ পৰাজয়ৰ পাছত ৰাজ্যপাল বনৱাৰিলাল পুৰোহিতক পদত্যাগপত্ৰ জমা দিয়ে ।

চান্নি নেতৃত্বাধীন মন্ত্ৰীসভাই চণ্ডীগড়ত এটা ভাৰ্চুৱেল বৈঠকত আম আদমী পাৰ্টিৰ (এএপি) দ্বাৰা এটা নতুন মন্ত্ৰীসভা গঠনৰ পথ প্ৰশস্ত কৰি বিধানসভা ভংগ কৰাৰ আবেদন জনাইছিল ।

১১৭ জন সদস্যৰ বিধানসভাত এএপি -য়ে ৯২টা আসন জয় কৰি কংগ্ৰেছক পৰাজিত কৰে । এএপি -য়ে এছ‌এডি-বিএছপি‌ জোঁটকো পৰাজিত কৰিছে । শিৰোমণি অকালি দলে তিনিখন আসন, বিজেপিয়ে দুখন আৰু বিএছপিয়ে এখন আসন লাভ কৰিছে ।
নন্দ
চান্নি, প্ৰকাশ সিং বাদল, সুখবীৰ সিং আ তৰলৰু নৱজ্যোত বা নন্দ ঙদ্ধনন সিং সিধুৰ দৰে অপ্ৰতিৰোধ্য ব্যক্তি পৰাজিত হৈছে । চান্নিয়ে প্ৰতিদ্বন্দ্বিতা কৰা দুখন আসনতে পৰাজিত হৈছে ।

চান্নিয়ে সংবাদ মাধ্যমক কয়, “মন্ত্ৰীসভাৰ আহ্বান কৰাৰ পাছত, আমি ৰাজ্যপালক ১৫তম বিধানসভা ভংগ কৰাৰ আবেদন কৰিছো ।”

“ম‌ই ৰাজ্যপালক মোৰ পদত্যাগপত্ৰ জমা দিছো”, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাছত চান্নিয়ে কয় ।

তেওঁ লগতে কয়, “ম‌ই জনগণৰ মত মানি লৈছো । আমি তেওঁলোকৰ সেৱা কৰি যাম ।”

জনসাধাৰণে তেওঁৰ ১১১ দিনীয়া ম্যাদক ভাল পোৱা নাই নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত চান্নিয়ে কয়, তেওঁ পৰৱৰ্তী চৰকাৰক তেওঁৰ চৰকাৰে লোৱা বিদ্যুতৰ হাৰ হ্ৰাস, বালিৰ লগতে ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ দৰে সিদ্ধান্তসমূহ অব্যাহত ৰখাৰ আহ্বান জনাইছে ।

Exit mobile version