শিশুৰ চিকিৎসালয়ত বৰ্বৰোচিত আক্ৰমণ : গৰজি উঠিল ৰাষ্ট্ৰসংঘ

35977965 303

ৰাছিয়াৰ আক্ৰমণৰ বৰ্বৰতাৰ পৰা ৰেহাই লাভ নকৰিলে চিকিৎসালয়ে । ৰেহাই লাভ কৰা নাই কণমানি শিশুৱেও । ইউক্ৰেইনৰ মাৰিউপ’লত ৰাছিয়াৰ বোমা আক্ৰমণত ধ্বংসস্তূপত পৰিণত হ’ল এখন চিকিৎসালয় । এই চিকিৎসালয়ত ভৰ্তি হৈ আছিল প্ৰসূতি আৰু সদ্যোজাত শিশু ।

তদুপৰি এই চিকিৎসালয়ত বহু শিশুও চিকিৎসাধীন হৈ আছিল । পৰিস্থিতি ইমানে জটিল যে বোমা বিস্ফোৰণৰ ঘটনাত কিমানজন লোকৰ মৃত্যু হ’ল তাৰ সঠিক তথ্য প্ৰশাসনে প্ৰকাশ কৰিব পৰা নাই ।

ইউক্ৰেইনত শিশুৰ চিকিৎসালয়ত গৰিহণা দিলে ৰাষ্ট্ৰসংঘ‌ই । কালি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনীঅ’ গুটেৰেছে টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ ইউক্ৰেইনৰ মাৰিউপ’লৰ শিশুৰ চিকিৎসালয়ত আক্ৰমণ অতি ভয়াৱহ । সাধাৰণ মানুহৰ ওপৰত এই ধৰণৰ আক্ৰমণ বৰ্বৰোচিত । এই অৰ্থহীন হিংসা অবিলম্বে বন্ধ কৰিব লাগিব । এতিয়াই ৰক্তপাত বন্ধ কৰক ।’

Exit mobile version