Lockdown in China : চীনৰ চহৰত পুনৰ তলাবন্ধ ! নতুন ভাইৰাছ সংক্রমণৰ শংকা প্রশাসনৰ

FotoJet 2022 03 11T155846.750 1 1

ক’ভিডৰ প্রভাৱ এতিয়াও আছে । তাৰ মাজতেই আৰু এটা নতুন ভাইৰাছৰ আবির্ভাৱক লৈ আতংকৰ সৃষ্টি হৈছে উত্তৰ-পূব চীনৰ চাংচুনত । দেশৰ অন্য প্রান্তত সংক্রমণ বিয়পি নপৰিবৰ বাবে আগতেই এই চহৰৰ ৯০ লাখ লোকক ‘গৃহবন্দী’ কৰিলে চীন প্রশাসনে ।

জিলিন প্রদেশৰ ৰাজধানী চাংচুন । গুৰুত্বপূর্ণ ঔদ্যোগিক চহৰ । সংক্রমণ ৰোধ কৰিবলৈ তলাবন্ধ জাৰি কৰা হৈছে এই চহৰত । সংবাদ সংস্থা এপি-ৰ প্রতিবেদনত এই দাবী কৰা হৈছে ।

প্রশাসনৰ তৰফৰ পৰা এক নির্দেশনা জাৰি কৰি কোৱা হৈছে, পৰিয়ালৰ এজন সদস্যহে ঘৰৰ বাহিৰত ওলাব পাৰিব । তাকো দুদিনৰ মূৰত । ইয়াৰ উপৰি, সমগ্ৰ চহৰবাসীয়ে তিনিটা পর্যায়ত শাৰীৰিক পৰীক্ষা কৰাব লাগিব । জৰুৰীকালীন সেৱাৰ বাহিৰে বাকি সকলো বন্ধ থাকিব ।

চলিত সপ্তাহত চীনত ক’ভিড আক্রান্তৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । নতুন আক্রান্তৰ সংখ্যা এহেজাৰ ৩৯৬ । ২০২০-ত ক’ভিড সংক্রমণৰ পাছত এয়ে প্রথম । তিনি সপ্তাহ আগতেও চীনত দৈনিক সংক্রমণ আছিল এশৰো তলত । চাংহাইতো তলাবন্ধৰ প্রস্তুতি চলি আছে । শুকুৰবাৰে শিক্ষাপ্রতিষ্ঠানসমূহ বন্ধ কৰাৰ নির্দেশ দিছে চাংহাই প্রশাসনে । ৰাজধানী বেইজিঙতো কোনো কোনো স্থানত আংশিক আৰু কোনো স্থানত পূৰ্ণ তলাবন্ধ ঘোষণা কৰা হৈছে ।

Exit mobile version