Paytm : পেটিএম-ত আৰু নতুন একাউন্ট খুলিব নোৱাৰিব, নির্দেশ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ

1620304176 5933

পেটিএম-ত আৰু নতুনকৈ একাউন্ট খুলিব নোৱাৰিব । নতুনকৈ আৰু কোনো গ্রাহকক যোগ কৰিব নোৱাৰিব সংশ্লিষ্ট ডিজিটেল পেমেন্ট নির্ভৰ সংস্থাই । নির্দেশ দিলে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই (আৰবিআই) । শুকুৰবাৰে এটা চৰকাৰী বিবৃতিত আৰবিআয়ে জনাইছে, পিটিএম-এ এটা অডিট ফার্ম নিয়োগ কৰি আইটি ছিষ্টেমৰ হিচাপ-নিকাচ কৰিব লাগিব । সংশ্লিষ্ট অনলাইন পেমেন্ট সংস্থাৰ বেছ কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশ দিয়া হৈছে ।

সম্প্রতি ডিজিটেল পেমেন্ট ব্যৱস্থাৰ বাবে এটা আলোচনাপত্র প্ৰকাশ কৰে আৰবিআয়ে । তাৰ পাছতে প্রশ্ন উঠিছিল, পেটিএমৰ দৰে ডিজিটেল পেমেন্ট নির্ভৰ ব্যৱসায়িক সংস্থাসমূহে লাভৰ মুখ দেখিব নে নাই । কাৰণ, আৰবিআই-ৰ এই নতুন আলোচনাপত্রত আছে ডিজিটেল পেমেন্ট চার্জ, ছাৰচার্জৰ দৰে বিষয় । আৰবিআই-ৰ লক্ষ্য, ডিজিটেল লেনদেন ব্যৱস্থা আৰু কোম্পানিসমূহৰ বাবে অর্থনৈতিক কার্যকাৰিতা সুনিশ্চিত কৰা ।

আনহাতে, ইয়াৰ আগতে আৰবিআই-ৰ জৰিমনাৰ সন্মুখীন হৈছে পেটিএম । বিগত বৰ্ষৰ অক্টোবৰত আৰবিআই-ৰ নিয়ম ভংগৰ অভিযোগত এক কোটি টকা জৰিমনা বিহা হয় তেওঁলোকক । যদিও পেটিএম পেমেন্টছ বেংকক ছিডিউল পেমেন্ট বেংক বুলিও অভিহিত কৰিছে আৰবিআয়ে । যাৰ ফলত পেটিএম-এ অন্য কোনো বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানৰ দ্বাৰা জাৰি কৰা ৰিকোৱেষ্ট অৱ প্রপ’জল বা আৰপিএফ-ত অংশ ল’ব পাৰে । ইয়াৰ উপৰি, পেটিএম বেংকে চৰকাৰ পৰিচালিত ফাইনেন্সিয়েল এনক্লোজাৰ প্রকল্পতো অংশ ল’ব পাৰে ।

Exit mobile version