কামানডাংগাৰ পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী, ৰাইজৰ প্ৰতিবাদ

চিৰাঙৰ কামানডাংগাত বিটিচিৰ গুডউইল আঁচনীৰ কোটি টকীয়া গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । চিৰাং জিলাৰ কাকৰাগাঁৱৰ নিকটৱৰ্ত্তী কামানডাংগাত গ্ৰাম্য চিচিব্লক পথ নিৰ্মাণত বিসংগতি ।

ৰাইজে অভিযোগ কৰা মতে বিটিচিৰ গুডউইল আঁচনীৰ ১১৫০৫০০০/ কোটি টকীয়া কাম আৰম্ভ কৰিছে ঠিকাদাৰ ভৈৰব ব্ৰহ্মই । পথৰ আধাৰশীলা নোহোৱাকৈ গাঁৱৰ কোনো লোকক নজনোৱাকৈ অতি নিম্ন মানৰ কামেৰে পথ নিৰ্মাণ কৰি আছে । পথচোৱা বহল হ’ব লাগিছিল যদিও ৰাইজক নজনোৱাকৈ পূৰ্বতে থকা পথৰ ওপৰত কোনোমতে চিচিব্লক দি পথ নিৰ্মাণ কৰি আছে ।

গাঁওবাসীয়ে পথৰ বিষয়ে কিবা ক’লেও ঠিকাদাৰে গাঁওসবাসীক ধমকহে দিয়ে বুলি অভিযোগ কৰে । ইতিমধ্যে ৰাইজে নিম্নমানৰ কাম হোৱা বাবে কাম বন্ধ কৰি দিয়াত ৰাইজৰ বিৰুদ্ধে ঢালিগাঁও থানাত গোচৰো দিছে ঠিকাদাৰে । গাঁওবাসীয়ে অভিযোগ কৰে যে কোটী টকীয়া পথ নিৰ্মাণ হৈ আছে যদিও পথ পৰিদৰ্শনৰ বাবে বিভাগীয়ভাৱে কোনো অভিযন্তা বা আন কোনো লোকে পৰিদৰ্শন কৰিবলৈ অহা নাই ।

গাঁওবাসীয়ে ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে । ৰাইজৰ দাবী বিভাগীয় মতে পথচোৱা ভালদৰে বনাব লাগে । কাৰণ পথৰ কাম বাৰে বাৰে নাহে বহুদিনৰ মূৰত পথ নিৰ্মাণৰ মঞ্জুৰি দিছে চৰকাৰে সেয়ে ভালদৰে পথ নিৰ্মাণ হ’ব লাগে । চৰকাৰে দুৰ্নীতিমুক্ত কৰিব বিচাৰি আছে আৰু ইপিনে বিভাগীয় ঠিকাদাৰ আমোলা দূৰ্নীতিত পোত গৈছে । সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে নীতি নিয়মৰ মাজেৰে এই পথ নিৰ্মাণৰ দাবী জনাইছে কামানডাংগা গাঁওবাসীয়ে ।

Exit mobile version