জিয়াভঁৰলী নদীৰ ড্ৰেজিং পৰ্যালোচনা মন্ত্ৰী পিযুষ হাজৰিকাৰ

জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় বিষয়ক মন্ত্ৰী পিযুষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ জিয়াভঁৰলী নদীত ড্ৰেজিং কাৰ্যক্ৰমৰ অগ্ৰগতি পৰ্যালোচনা কৰে । বাৰিষা অহাৰ আগতে যথা সম্ভৱ দ্ৰুত গতিত ড্ৰেজিঙৰ কাম সম্পন্ন কৰিবলৈ তেওঁ জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিছে ।

ADVERTISEMENT

বহু বছৰৰ বান সমস্যাৰ স্থায়ী সমাধানৰ কৰি “বানমুক্ত অসম” গঢ়িবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৫ জানুৱাৰী, ২০২২ত ড্ৰেজিং কাৰ্যক্ৰম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ।

মন্ত্ৰী হাজৰিকাই কয়, “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোন ‘বানমুক্ত অসম’ক সাকাৰৰূপ দিয়াৰ পৰিকল্পনাস্বৰূপে যোৱা জানুৱাৰী মাহৰ ২৫ তাৰিখে আৰম্ভ কৰা ড্ৰেজাৰ মেচিনৰ সহায়ত শোণিতপুৰ জিলাৰ জীয়াভঁৰলী নদীৰ খনন কাৰ্যৰ অগ্ৰগতিৰ বুজ লওঁ আৰু যথাসম্ভৱ সোনকালে এই খনন কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্রদান কৰো ।”

এই পৰিদৰ্শন কালত চতিয়া সমষ্টিৰ জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকা, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version