পাকিস্তানৰ বায়ুসেনাত অন্তৰ্ভুক্ত হ’ল চীনৰ জে-১০ চি যুঁজাৰু বিমান

622b14ee68175

পাকিস্তানৰ বায়ুসেনাই চীনৰ পৰা ক্ৰয় কৰা জে-১০ চি যুঁজাৰু বিমান আনুষ্ঠানিকভাৱে বায়ুসেনাত অন্তৰ্ভুক্ত কৰিলে । কামৰা বায়ুসেনাৰ ঘাটিত আয়োজিত অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানসহ কে’বাজনো মন্ত্ৰী আৰু চীনৰ ইছলামাবাদস্থিত ৰাষ্ট্ৰদূতো উপস্থিত থাকে ।

জে-১০ চি-যুঁজাৰু বিমান দেশখনৰ প্ৰতিৰক্ষাত অন্তৰ্ভুক্ত হোৱাৰ ফলত পাকিস্তানৰ বায়ুসেনা অধিক শক্তিশালী হ’ল বুলি প্ৰধানমন্ত্ৰী ইমৰান খানে দাবী কৰে ।

উল্লেখ্য যে ভাৰতে বায়ুসেনাত অন্তৰ্ভুক্ত কৰা ৰাফেল বিমানৰ সমকক্ষ হিচাপে পাকিস্তানে চীনৰ পৰা জে-১০ চি বিমান ক্ৰয় কৰিছিল ।

Exit mobile version