COVID Update India : দেশত এশৰ তলত কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যা, বিগত ২৪ ঘণ্টাত মৃত ৮৯

omicron covid test india 1639315345920 1639315346086

পুনৰ এশৰ তলত নামিল ক’ভিডত আক্রান্ত হৈ দৈনিক মৃতৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ সূত্র অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ মুঠ ৮৯ জনৰ মৃত্যু হৈছে । লগতে, দেশত এদিনত নতুনকৈ কৰ’না আক্রান্ত ৰোগীৰ সংখ্যা তিনি হেজাৰ ৬১৪ জন । ২০২০ৰ ১২ মে-ৰ পাছৰ পৰা এয়ে প্রথম কৰ’না আক্রান্তৰ সংখ্যা ইমান হ্ৰাস পালে ।

নতুন সংক্রমণৰ পাছত দেশত এই পর্যন্ত মুঠ কৰ’না আক্রান্তৰ সংখ্যা চাৰি কোটি ২৯ লাখ ৮৭ হেজাৰ ৮৭৫ জনলৈ বৃদ্ধি পালে । সক্রিয় ৰোগীৰ সংখ্যা ৪০ হেজাৰ ৫৫৯ । সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা মুঠ কৰ’না আক্রান্তৰ ০.০৯ শতাংশ বুলিও স্বাস্থ্য মন্ত্রণালয়ে জনাইছে ।

এই পর্যন্ত দেশত মুঠ পাঁচ লাখ ১৫ হেজাৰ ৮০৩ জনৰ কৰ’না আক্রান্ত হৈ মৃত্যু হৈছে । সুস্থতাৰ হাৰ ৯৮.৭১ শতাংশলৈ বৃদ্ধি পাইছে ।

Exit mobile version