ISIS : সর্বোচ্চ নেতাৰ মৃত্যু অৱশেষত মানি ল’লে আইএছ-এ, ঘোষণা নতুন নেতাৰ নাম

211108 islamic state desperate tease 02 yzmmpw

কিছু মাহ পূৰ্বে আমেৰিকান প্রশাসনে দাবী কৰিছিল, তেওঁলোকৰ সেনা বাহিনীৰ এক অভিযানত মৃত্যু হৈছে আইএছ প্রধান আবু ইব্রাহিম আল-হাশ্বেমি আল-কুৰেশ্বি আৰু আইএছ মুখপাত্র আবু হামজা আল-কুৰেশ্বিৰ । কিন্তু সেই সময়ত নিজৰ সর্বোচ্চ নেতাৰ মৃত্যুক লৈ মুখ নোখোলে এই ইছলামিক সন্ত্ৰাসবাদী সংগঠনে । কিন্তু কালি এক বিবৃতিত নিজৰ সংগঠনৰ নতুন নেতাৰ নাম ঘোষণা কৰিছে আইএছ-এ । অর্থাৎ পৰোক্ষে আবু ইব্রাহিমৰ মৃত্যুৰ ঘটনা স্বীকাৰ কৰিছে আইএছ-এ ।

আইএছ-ৰ নতুন প্রধানৰ নাম আবু আল-হাছান আল-হাশ্বেমি আল-কুৰেশ্বি । তেওঁলোকৰ নতুন মুখপাত্র আবু উমৰ মুহাজিৰেই নতুন নেতাৰ নাম ঘোষণা কৰিছে । আবু ইব্রাহিমৰ মৃত্যু আইএছ-ৰ বাবে দ্বিতীয় বৃহৎ ক্ষতি বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । ২০১৯ত প্রায় একেই ধৰণৰ আমেৰিকান সামৰিক অভিযানত আইএছৰ প্রতিষ্ঠাতা তথা তেওঁলোকৰ সর্বোচ্চ নেতা আবু বকৰ আল-বাগদাদিৰ মৃত্যু হৈছিল । তাৰ পাছৰ পৰাই দলৰ দায়িত্ব বহন কৰিছিল ৪৫ বছৰীয়া শিক্ষাবিদ আবু ইব্রাহিমে । এসময়ত ইৰাকৰ প্রাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ সেনা বাহিনীৰ সদস্যও আছিল তেওঁ ।

আমেৰিকান প্রশাসনে দাবী কৰিছিল, বিগত মাহত উত্তৰ ছিৰিয়াত তেওঁলোকৰ অভিযানত বোমা বিস্ফোৰণত মৃত্যু হয় আবু ইব্রাহিম আৰু তেওঁৰ সমস্ত পৰিয়ালৰ । আমেৰিকাৰ সেই দাবীৰ সন্দৰ্ভত কালি নতুনকৈ একো মাত মতা নাই আইএছ-এ । তেওঁলোকে জনাইছে, উত্তৰ-পূব ছিৰিয়াৰ হাছাকা চহৰৰ এটা কাৰাগাৰৰ পৰা বন্দী আইএছ-সকলক ওলিয়াই অনাই আছিল আবু ইব্রাহিমৰ শেষ অভিযান । এই আক্ৰমণত আইএছ সন্ত্ৰাসবাদীসহ কমেও দুশ বন্দী আৰু ৩০ জন কাৰাগাৰৰক্ষীৰ মৃত্যু হৈছিল ।

Exit mobile version