৩১ মাৰ্চৰ ভিতৰত কৰি ল‌ওক এই কেইটা কাম, অন্যথা ভৰিব লাগিব জৰিমনা

69308114

চলিত বিত্তীয় বৰ্ষটো সমাপ্ত হ’বলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী । তাৰ আগতে কৰি ল‌ওক এইকেইটা দৰকাৰী কাম । নহ’লে সময় উকলাৰ পাছত আপুনি ইয়াৰ বাবে জৰিমনা ভৰিব লগা হ’ব পাৰে ।

আয়কৰ ৰিটাৰ্ণ দাখিল
২০২০-২১ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা পূৰ্বতে ২০২১ৰ ৩১ ডিচেম্বৰ আছিল যদিও যিসকলে দাখিল কৰা নাই তেওঁলোকৰ বাবে এতিয়াও সেই সুযোগ আছে । অহা ৩১ মাৰ্চৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰি ল’ব পাৰিব কৰদাতাসকলে । অন্যথা ৫০০০ টকাৰ জৰিমনা দিব লাগিব ।

অগ্ৰিম কৰে জমা
২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে অগ্ৰিম কৰ জমা দিয়াৰ শেষ তাৰিখ হ’ল অহা ১৫ মাৰ্চ । আয়কৰ দাতাসকলৰ যিসকলে উক্ত তাৰিখৰ ভিতৰত অগ্ৰিম আয়কৰ জমা নকৰে তেন্তে ধাৰা ২৩৪এ/২৩৪বি অনুসৰি সুত কাৰ্যকৰী হ’ব ।

কৰ ৰাহি
যিসকল কৰদাতাই ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে পুৰণি কৰ ব্যৱস্থাৰ বিকল্প বাছনি কৰিছে তেওঁলোকে ২০২২ৰ ৩১ মাৰ্চৰ পূৰ্বে নিজৰ টেক্স ছেভিংছ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব ।

পেন-আধাৰ সংযুক্তিকৰণ
বৰ্তমানলৈও পেন কাৰ্ডৰ স’তে আধাৰ কাৰ্ডক সংযোগ নকৰা সকলে অহা ৩১ মাৰ্চৰ ভিতৰত সেই কাম কৰি ল‌ওক । অন্যথা পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব পাৰে আপোনাৰ । লগতে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে ।

বেংকৰ কেৱাইচি
ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ সুবিধাৰ্থে কেৱাইচি পূৰ্ণ কৰাৰ সময়সীমা ২০২২ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে । গতিকে যিসকল গ্ৰাহকে এই গুৰুত্বপূৰ্ণ কামভাগ এতিয়াও পেলাই থৈছে, লৰালৰিকৈ সম্পন্ন কৰক ।

Exit mobile version