Russia-Ukraine War :ৰুছ সেনাৰ গুলিত মৃত্যু আমেৰিকাৰ সাংবাদিক,আহত আৰু এজন সহকৰ্মী

1647181082 brent

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বলি হ’ল সাংবাদিক । দেওবাৰে বাতৰি সংগ্ৰহ কৰিব গৈ গুলিবিদ্ধ হৈ মৃত্যু হৈছে এজন আমেৰিকাৰ সাংবাদিক । আঘাতপ্ৰাপ্ত হৈছে অন্য এজন লোক।এই কথা জনালে আন্তৰ্জাতিক সংবাদ মাধ্যমে ।

নিউয়ৰ্ক টাইমছৰ দাবী, মৃত সাংবাদিকজন তেওঁলোকৰ এজন প্ৰাক্তন কৰ্মচাৰী। ৰুছ সেনাৰ গুলিত তেওঁৰ মৃত্য হৈছে । ইউক্ৰেইনৰ ৰাজধানী কিভৰ আৰক্ষী প্ৰধানজনে জনাইছে, মৃত সাংবাদিকজনৰ নাম ব্ৰেণ্ট ৰেইনাড।ইয়াৰ উপৰিও আহত হৈছে অন্য এজন সাংবাদি। ইৰপিনেত এই দুজন সাংবাদিক ওপৰত গুলিচালনা কৰে ৰুছ সেনাই ।

মৃত সাংবাদিক ব্ৰেণ্ট ৰিনাডৰ ছ’চিয়েল মিডিয়া প্ৰফাইল অনুসৰি, তেওঁ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত সাধাৰণ মানুহে ঘৰ এৰি পলাই যোৱাৰ বিষয়ে বিভিন্ন প্ৰতিবেদন লিখিছিল।

বিশেষকৈ, তেওঁ শৰণাৰ্থীসকলৰ সমস্যা তুলি ধৰিছিল । সাংবাদিকজনে এইচবিঅ’, এনবিচি, ডিস্কভাৰী, পিবিচি আৰু ভাইচ নিউজৰ দৰে সংবাদ সংস্থা আৰু চেনেলৰ বাবে কাম কৰিছে।

Exit mobile version