গোসাঁইগাৱত পাঁচ বছৰ পূৰ্বে আৱন্টন পোৱা পকীকৰন পথ আজিও সম্পূৰ্ণ নহ’ল

598d8b73 6f67 4441 8886 f98e25afc951

গোসাইগাওঁ মহকুমাৰ ১ নং ভদেয়াগুৰী গাওঁৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন ডেৰ কিলোমিটাৰ ৰাস্তাৰ পকীকৰনৰ কাম আজিও সম্পূৰ্ণ নহ’ল।

ফলত ভদেয়াগুৰী অঞ্চলৰ ৰাইজে বিভিন্ন সমস্যাত ভুগিব লগা হৈছে।লৰা-ছোৱালী স্কুল-কলেজলৈ যোৱা ,হস্পিতাললৈ ৰোগী লোৱা আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে উক্ত অঞ্চলৰ ৰাইজ।

অতিষ্ঠ ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন যে ডেৰ কিলোমিটাৰ কাম যদি পাঁচ বছৰ সময় লাগে তেনেহলে ১০০ কিলোমিটাৰ বনাওতে কিমান সময় লাগিব?

পাঁচ বছৰ পূৰ্বে পেলাই থোৱা ফটা শিলৰ বাবে উক্ত পথেৰে মানুহতো দূৰৰ কথা গৰু খোজকাঢ়িৱ নোৱাৰে বুলি ৰাইজে অভিযোগ কৰে।

ৰাইজৰ প্ৰশ্ন পৰিবৰ্তনকামী চৰকাৰখনে কি কৰি আছে? এয়াই নেকি পৰিবৰ্তন। নিৰ্বাচনৰ আগতে বহুত প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া সেইবোৰ কি হ’ল বুলি জাঙুৰ খাই উঠিছে ৰাইজ।

ৰাইজে চৰকাৰক উক্ত পথটো অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ দাবী জনায়। লগতে পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনে গোটেই ধন আত্মসাৎ কৰি কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

Exit mobile version