ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক দিয়া শাস্তিৰ ঘটনাত শিক্ষয়িত্ৰীক অব্যাহতি

professor

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক প্ৰবক্তাই এগৰাকী ছাত্ৰীক কাণত ধৰি উঠা বহাৰ নিৰ্দেশ দিয়াৰ উপৰি সেই ঘটনা মোবাইল ফোনত ৰেকৰ্ডিং কৰি ভাইৰেল কৰা বিষয়টোক লৈ পাঠশালাত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সামাজিক মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগতে শিক্ষয়িত্ৰীগৰাকীৰ কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে ৷

এনে এক প্ৰেক্ষাপটতে আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ আহ্বানত বিষয়টো সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় ৷ সভাত বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ পৰিষদ, ছাত্ৰ একতা সভাৰ সভাপতি, সম্পাদক সমন্বিতে নেতৃত্ব আৰু প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপকৰ মাজত সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰি সৰ্বসন্মতি ক্ৰমে ঠিকাভিত্তিক প্ৰবক্তা জয়শ্ৰী দাসক অব্যাহতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই প্ৰস্তাৱ বিশ্ববিদ্যালয় উপাচাৰ্যলৈ প্ৰেৰণ কৰে ৷

ইয়াৰ পাছতে উপাচাৰ্যগৰাকীয়ে জয়শ্ৰী দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version