ভাওৰাগুৰিৰ উচাটাৰীত যৌতুকৰ বাবে বোৱাৰীক হত্যা

death 5

গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ উচাটাৰী গাঁৱত শহুৰৰ হাতত প্ৰাণ গ’ল অন্তঃসত্বা বোৱাৰীৰ । সূত্ৰ অনুসৰি, যৌতুকৰ বাবে দীৰ্ঘ দিনৰ পৰা স্বামীৰ পৰিয়ালে চলাই আহিছিল নিৰ্যাতন ।‌ কালি শহুৰ আৰু স্বামীয়ে পিতৃৰ গৃহৰ পৰা ৩০ হেজাৰ টকা আনিবলৈ কৈছিল ইয়াকে লৈ কাজিয়াৰ সূত্ৰপাত হয় ।

শহুৰ কুৰ্বান আলীয়ে কাঠেৰে বোৱাৰীক মূৰত আঘাত কৰাত থিতাতে নিহত হয় বোৱৰীৰ । নিহত বোৱাৰীগৰাকী গোসাইগাঁও মহকুমাৰ ২ নং বুঢ়িচাটাম গাঁৱৰ নিবাসী নূৰ মোহম্মদ শেখৰ কন্যা নাজিমা বিবি বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে মহিলাগৰাকী অন্তঃসত্বা আছিল । আৰক্ষীয়ে ইতিমধ্যে স্বামী মফিজুৰ ৰহমানক আটক কৰিছে যদিও শহুৰ কুৰ্বান আলী এতিয়াও পলাতক হৈ আছে বুলি আৰক্ষী সূত্রে খবৰ ।

Exit mobile version