Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকক কংগ্রেছ

প্রাঞ্জলসেন ডেকা

publisher by publisher
March 14, 2022
in Opinion
Reading Time: 1 min read
0
নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকক কংগ্রেছ
2
SHARES
18
VIEWS
ShareShareShareShare

দীর্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচন সুকলমেই সম্পন্ন হ’ল । দিন ঘােষণাৰ বহু আগৰে পৰা এই নির্বাচনক লৈ বিভিন্ন ধৰণৰ চর্চা-বিশ্লেষণ আদি চলি আহিছে, ফলাফল ঘােষণাৰ পাছততাে কথাই নাই !

ADVERTISEMENT

সেয়েহে ইয়াৰ নতুনকৈ কোনাে বিশ্লেষণ আগবঢ়োৱাৰ পৰিৱর্তে নির্বাচনৰ ফলাফল প্রকাশৰ পাছত মনলৈ অহা বিষয়কেইটামানহে দাঙি ধৰিব বিচাৰিছাে । বিভিন্ন প্রতিকূল পৰিস্থিতিৰ পাছতাে উত্তৰ প্ৰদেশসহ চাৰি ৰাজ্যত বিজেপিৰ বিপুল জয়,ক্ষমতা দখল কৰিবলৈ সক্ষম নহ’লেও মহাপৰাক্ৰমী বিজেপিৰ সমুখত কঠিন প্রত্যাহ্বান সৃষ্টি কৰি উত্তৰ প্ৰদেশত সমাজবাদী পার্টিৰ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত আসন সংখ্যা বৃদ্ধি, পঞ্জাৱত আম আদমী পার্টি চমকপ্রদ উত্থান আদিয়ে সংবাদ মাধ্যমতে কেৱল নহয়, জনতাৰ মাজতাে বহুলভাৱে চর্চা লাভ কৰিছে ।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

অথচ এইক্ষেত্ৰত ব্যতিক্রম কংগ্রেছ। নির্বাচনী ৰাজনীতিত ক্রমশঃ অপ্রাসংগিক হৈ পৰা কংগ্ৰেছ সম্প্রতি সংবাদ মাধ্যম অথবা ৰাজহুৱা চৰ্চাৰ পৰাও যেন আঁতৰি যাবলৈ লৈছে। সাম্প্রতিক অৱস্থানত কংগ্ৰেছৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন যেনেই ধাৰণা হয় ।

কোনাে ভীষণ কঠিন পৰিৱৰ্তন অবিহনে কংগ্রেছৰ পুনৰুদ্ধাৰৰ সম্ভাৱনা আছে জানাে!একাংশই ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ছেমি ফাইনেল আখ্যা দিয়া এই পাঁচ ৰাজ্যৰ নির্বাচনে কেইটামান চমকপ্রদ দিশ দাঙি ধৰিলে যিবােৰ ৰাজনৈতিক বিশ্লেষকসকলৰ কাৰণে বিশেষ আগ্রহৰ কাৰণ হ’ব পাৰে ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে বিজয় ভাষণত কৈছে যে এই ফলাফলে ২০২৪ৰ পূর্বাভাস দাঙি ধৰিছে । অৱশ্যে একাংশ বিৰােধী নেতা তথা নির্বাচন কৌশলীয়ে এই ক্ষেত্ৰত দ্বিমত প্ৰকাশ কৰি কৈছে যে নির্বাচনত কোনাে ছেমি ফাইনেল অথবা কোৱাৰ্টাৰ ফাইনেল নাথাকে;বৰঞ্চ প্রতিটো নির্বাচনেই একক । এটা নির্বাচনৰ ওপৰত ভিত্তি কৰি পৰৱর্তী নির্বাচনত জয়ী হােৱাটো সম্ভৱ নহয় ।

বিৰােধীৰ ওপৰত চাপ সৃষ্টিৰ উদ্দেশ্যেই প্রধানমন্ত্রীয়ে এনে বক্তব্য দাঙি ধৰিছে বুলি নির্বাচন কৌশলী প্রশান্ত কিশােৰে ব্যাখ্যা দাঙি ধৰিছে ।

সি যি কি নহওক, এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কোনাে প্রতিষ্ঠানবিৰােধী প্ৰভাৱ নপৰাটো অতিশয় লক্ষ্যণীয় । বিগত শাসন কালছােৱাত যােগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰেই হওক, অথবা কেন্দ্র মােদী চৰকাৰেই হওক, ব্যর্থতাৰ তালিকা যথেষ্ট দীঘলীয়া ।

চৰকাৰৰ ভুল নীতিৰ বলি হৈ দেশবাসীৰ এক গৰিষ্ঠসংখ্যকে যে যমৰ যাতনা ভুগিবলগীয়া হৈছে, তাক কোনােপধ্যে অস্বীকাৰ কৰাৰ উপায় নাই। আনকি ২০১৯ত একেৰাহে দ্বিতীয়বাৰলৈ ক্ষমতা হস্তগত কৰাৰ সময়তাে একে ছবিয়েই পৰিলক্ষিত হৈছিল। তথাপি ২০১৪ৰ তুলনাত অধিক শক্তিশালী ৰূপত মছনদত উপবিষ্ট হ’বলৈ সক্ষম হৈছিল মােদী ।

প্রথমে বিমুদ্ৰাকৰণ আৰু পাছত জি এছ টিৰ জৰিয়তে কিদৰে দেশৰ অৰ্থনীতিৰ কঁকাল ভাঙি পেলােৱা হ’ল, তাৰ পৰিণতি আজি আমাৰ সমুখত জলজল পটপটকৈ জিলিকি আছে। মােদী চৰকাৰৰ ভুল আর্থিক নীতিৰ বাবেই দেশৰ জি ডি পি শাসক পক্ষৰ দাবীৰ বিপৰীতে ধাৰাবাহিকভাৱে শােচনীয় পর্যায়লৈ হাস পাইছে ।

আনহাতে, কর্মসংস্থাপন সৃষ্টিৰ পৰিসংখ্যাও অতিশয় হতাশাজনক । এই কালছােৱাৰ প্ৰতিটো আর্থিক সমীক্ষাতে নেতিবাচক ছবিয়েই ফুটি উঠিছে । প্রতি বছৰে দুই কোটি কর্মসংস্থাপনৰ আশাত মােদী আৰু বিজেপিক ভােটদান কৰা দেশৰ যুৱচামেই এই ক্ষেত্ৰত আটাইতকৈ বেছি হতাশ হ’বলগীয়া হৈছে; অথচ দ্বিতীয়বাৰ নিজাববীয়াকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চমক সৃষ্টি কৰিছে বিজেপিয়ে ।

ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিবলৈ ওলােৱা মােদী চৰকাৰৰ দ্বিতীয়টো কার্যকালেও কিন্তু কোনাে আশাৰ বতৰা কঢ়িয়াই আনিব নােৱাৰিলে। মুষ্টিমেয় কেইজনমান পুঁজিপতিৰ ধন-সম্পদ বৃদ্ধিৰ বাহিৰে সাধাৰণ জনতাই অনিশ্চয়তাৰ মাজতে দিন কটাবলগীয়া হৈছে ।

ক’ভিড অতিমাৰী আৰু তাৰ পৰৱৰ্তী সময়ছােৱাত শ্রমজীৱী জনতা,ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগী-ব্যৱসায়ীসকলে সন্মুখীন হােৱা দুৰৱস্থা দেশৰ এক ক’লা অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’ব।ইমানবােৰ নেতিবাচক কাৰণৰ পাছতাে নির্বাচনত বিজেপিৰ বিৰুদ্ধে প্রতিষ্ঠান বিৰােধী প্রভাৱ কিয় দেখা নগ’ল—সেয়া বিচার্য নহয় নে ?

বিজেপি বিৰােধীসকলকে ধৰি বহুতেই একাষাৰতে কৈ পেলাব যে সাম্প্রদায়িক ৰাজনীতিৰ জৰিয়তেই মােদীয়ে বাৰে বাৰে নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে । মুছলমানৰ প্রতি বিদ্বেষ তথা হিন্দু ধর্ম সংকটত বুলি প্ৰচাৰ চলায়েই হিন্দু সংখ্যাগৰিষ্ঠ জনতাক মােহাবিষ্ট কৰি ভােট আদায় কৰা হৈছে— এনেদৰেই এক সাধাৰণ বিশ্লেষণ দাঙি ধৰা হৈ আহিছে ।

দৰাচলতে এনে ব্যাখ্যাৰ জৰিয়তে সমগ্ৰ ছবিখনক এটা দিশলৈকে লৈ যােৱা যেনহে ধাৰণা হয়। এই ক্ষেত্ৰত অধিক বিশ্লেষণৰ প্ৰয়ােজন আছে; কিয়নাে ২০১৪ত মােদী ৰাষ্ট্ৰীয় ৰাজনীতিৰ পাদপ্রদীপলৈ অহাৰ বহু বছৰ আগৰে পৰাই বিজেপিয়ে এই দিশতেই ৰাজনীতি কৰি আহিছে ।

আৰ এছ এছ আৰু বিজেপিয়ে হিন্দু ৰাষ্ট্র গঠনৰ লক্ষ্য কেতিয়াও লুকুৱাই ৰখা নাই; কিন্তু ইমান দিনে বর্তমানৰ দৰে ধাৰাবাহিক সাফল্য লাভ সম্ভৱ হৈ উঠা নাছিল। দৰাচলতে বিজেপিয়ে নিজৰ ৰাজনৈতিক কার্যসূচীৰ পৰা নির্বাচনী কার্যসূচীক কৌশলেৰে আৰু সফলভাৱে পৃথক কৰি ৰাখিবলৈ সক্ষম হৈছে ।

হিন্দুত্ববাদী ৰাজনীতিত সক্রিয় হৈ থাকিলেও নির্বাচনী প্রচাৰত জনকল্যাণ আৰু উন্নয়নমূলক বিষয়সমূহতাে সমানেই অগ্রাধিকাৰ দিছে। আর্থিক নীতিত ব্যর্থতাৰ মাজতে প্রধানমন্ত্রী মােদীৰ সবাতােকৈ উল্লেখনীয় পদক্ষেপ হৈছে দৰিদ্র হিতাধিকাৰীক বিভিন্ন চৰকাৰী আঁচনিৰ ধন প্রত্যক্ষভাৱে নিজৰ নিজৰ বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়াটো ।

এই ব্যৱস্থাটো নিশ্চিত কৰিবলৈ দেশৰ প্ৰতিটো পৰিয়ালৰে বেংক একাউন্ট খােলাৰ বাবে অভিযান চলােৱাটো আছিল অভিনৱ। ইয়াৰ জৰিয়তে চৰকাৰী আঁচনিৰ ধন আৰু দৰিদ্ৰ হিতাধিকাৰীৰ মাজত আমােলাতন্ত্রৰ প্ৰাচীৰ ভাঙি পেলােৱা হ’ল । একাউণ্টত এনেদৰে ধন আদায়ৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীৰ স’তে চৰকাৰে পােনপটীয়া সম্পর্ক স্থাপনৰ লগতে তেওঁলােকৰ সবলীকৰণৰ প্রচেষ্টা চলাইছে ।

তদুপৰি প্রতিটো পৰিয়ালৰ মূৰত এখনি চালি, প্ৰতিটো পৰিয়ালতে শৌচালয়,বিদ্যুৎ যােগান নিশ্চিতকৰণৰ প্রতিশ্রুতিয়ে দৰিদ্ৰসকলৰ মাজত মােদী আৰু বিজেপিৰ প্রতি সমর্থন সুদৃঢ় কৰিছে। একেদৰে ক’ভিড ব্যৱস্থাপনাত দেখ দেখকৈ ব্যর্থ হলেও দেশৰ প্ৰায় ৮০ কোটি লােকক মাহৰ পাছত মাহ খাদ্য যােগান ধৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিছে ।

এনে ধৰণৰ হিতাধিকাৰীকেন্দ্রিক আঁচনিৰ জৰিয়তে অনুৎপাদনশীল কার্যত ৰাজকোষৰ পুঁজি ব্যয়ৰ অভিযােগ উত্থাপিত হলেও ভােটৰ ৰাজনীতিত ইয়েই আটাইতকৈ বেছি ফলপ্রসূ প্রমাণিত হৈছে । তদুপৰি বিজেপি বিৰােধী চৰকাৰসমূহাে হিতাধিকাৰী সৃষ্টিত পিছপৰি থকা নাই। ৰাজকোষৰ পুঁজিৰে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভােট ক্রয় সাম্প্রতিক ৰাজনীতিৰ অন্যতম কৌশল হৈ পৰিছে ।

আন এক লক্ষ্যণীয় দিশ হৈছে— হিন্দুত্বৰ ৰাজনীতি কৰিলেও বিজেপি কিন্তু জাত-পাতৰ ৰাজনীতিৰ পৰা আঁতৰি আছে । জাত-পাতৰ বিভাজনে হিন্দু সমাজক দুর্বল কৰিছে বাবেই আৰ এছ এছ-এ আদর্শগতভাৱে ইয়াৰ বিৰােধ কৰি আহিছে ।

ভাৰতীয় ৰাজনীতিত সুদীর্ঘ কাল ধৰি জাত-পাতৰ হিচাপ-নিকাচেই প্রাধান্য পাই আহিছে যদিও বিজেপিয়ে ক্রমশ তাৰ পৰা নিজকে নিলগাই ৰাখিছে । প্রার্থী তথা নেতৃত্ব বাছনিৰ ক্ষেত্ৰত বিজেপিয়ে এনে প্রচলিত ধাৰা ভংগ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেই বাবেই নির্বাচনত বিজেপিৰ বিৰুদ্ধে প্রতিষ্ঠানবিৰােধী ঢৌৰ প্ৰভাৱ নাইকিয়া হৈছে ।

তাৰ লগে লগে দেশত আজি ভােটাৰৰ মানসিকতাও প্রচলিত ধাৰণাৰ বাহিৰ ওলাই নতুন দিশে ধাৱিত হৈছে বুলি ভবাৰ থল ওলাইছে।শেহতীয়া পাঁচ ৰাজ্যৰ নিৰ্বাচনত আৰু এটা কথাৰ ইংগিত পােৱা গ’ল। সেয়া হৈছে — বিজেপিৰ এই কৌশল আম আদমী পার্টিয়ে অনুধাৱন কৰি তাৰ বিৰুদ্ধে নিজা ৰণকৌশল ৰূপায়ণ কৰি সাফল্য লাভ কৰিলে পঞ্জাৱত ।

জন্মলগ্নৰে পৰা আম আদমী পার্টিয়ে ধৰ্ম আৰু জাত-পাতৰ পৰা নিজকে আঁতৰাই ৰাখি গণতান্ত্রিক পৰম্পৰা প্রতিষ্ঠা কৰি দল তথা চৰকাৰ পৰিচালনা কৰি আহিছে । দলীয় তথা চৰকাৰী ব্যৱস্থাত দুর্নীতিৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি তাক কার্যতাে ৰূপায়ণ কৰি দৃষ্টান্ত স্থাপন কৰিছে দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে । ক্ষমতা লাভৰ পাছৰে পৰা দিল্লীৰ স্বাস্থ্য সেৱা, শিক্ষা, পানী যােগান, বিদ্যুৎ, বস্তি অঞ্চল আদি ক্ষেত্ৰত দেশৰ ৰাজধানী অঞ্চলত অভূতপূর্ব সেৱা আগবঢ়াই ভােটাৰৰ মাজত খােপনি সুদৃঢ় কৰিছে ।

আর্থিকভাৱে দুর্বলসকলক নিৰাপত্তা প্রদানৰ লগতে আইনী সুৰক্ষা নিশ্চিত কৰিছে । স্বচ্ছ ৰাজহুৱা দান-বৰঙণিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ দুর্নীতিবিৰােধী চৰিত্ৰ অক্ষুন্ন ৰাখিছে । নির্বাচনী প্রচাৰত ৰূপান্তৰৰ শ্ল’গান দি কেজৰিৱালে কৈছে যে স্বাধীনতাৰ পাছৰে পৰা জনগণে ৰাষ্ট্ৰক সেৱা আগবঢ়াই আহিছে আৰু সেয়ে এতিয়া সেই জনগণক সেৱাৰ দায়িত্ব ৰাষ্ট্রৰ ।

এনেদৰে ধৰ্ম অথবা জাত-পাতৰ পৰিৱর্তে জনগণৰ সেৱাৰ ওপৰতে সর্বাধিক গুৰুত্ব আৰােপ কৰিছে। গতিকে ভােটাৰৰ ওপৰত জাত-পাতৰ প্ৰভাৱ হ্রাস পাই অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে বিকল্প কৌশল নির্ধাৰণ কৰিব পাৰিব লাগিব যিয়ে ৰাইজৰ প্ৰতি সেৱা নিশ্চিত কৰিব । বিজেপিয়ে ইতিমধ্যে এনে কৌশলেৰে প্রতিষ্ঠানবিৰােধী ঢৌ মষিমূৰ কৰি ধাৰাবাহিকভাৱে ক্ষমতা দখলৰ প্রশস্ত কৰিছে ।

একে উপায়েৰে নির্বাচন জয়ৰ সম্ভাৱনা দেখুৱাই দিছে কেজৰিৱালৰ আম আদমী পার্টিয়েও; কিন্তু তেনে কৌশল কংগ্ৰেছৰ বাবে বােধগম্য হােৱাটো আৰু তাৰ পৰিপ্ৰেক্ষিতত নতুন কৌশল নির্ধাৰণ কৰাটো অসম্ভৱ যেনেই ধাৰণা হৈছে । বিজেপি, আম আদমী পার্টি আৰু আনকি সমাজবাদী পার্টিয়েও যি নতুন ধ্যান-ধাৰণাৰে নির্বাচনী ৰাজনীতিত অগ্ৰসৰ হৈছে তেনে বিচাৰ বিশ্লেষণৰ পৰা যেন দিনে দিনে আঁতৰি গৈছে শতিকা পুৰণি দল কংগ্রেছ ।

যি সময়ত উল্লেখিত দলসমূহে জাত-পাতৰ ৰাজনীতিৰ উধ্বর্ত দর্শনীয় সাফল্য লাভ কৰিছে সেই সময়ত কংগ্ৰেছে পঞ্জাৱত দলিত নেতাক মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ কৰি নির্বাচন জয়ৰ সপােন দেখিছে । এই কথা ঠিক যে সমগ্র দেশৰ ভিতৰত পঞ্জাৱতে সর্বাধিক হাৰত অতি পিছপৰা দলিত সম্প্রদায়ৰ লােকে বাস কৰে; কিন্তু তাতাে অৱশেষত দলিত মুখ্যমন্ত্ৰীয়ে জয় নিশ্চিত কৰিব নােৱাৰাটোৱে ভােটাৰৰ মৌলিক পৰিৱৰ্তনৰ ইংগিতেই দাঙি ধৰে ।

যি সামাজিক ন্যায় প্রতিষ্ঠাৰ শ্ল’গান দি একাংশ ৰাজনৈতিক দলে ৰাজ্য বিশেষে একাধিকবাৰ জয় সাব্যস্ত কৰি আহিছে সেই শ্ল’গানাে আজিৰ পৰিৱর্তিত পৰিস্থিতিত ব্যর্থ হৈছে । ভাৰতৰ সমাজ ব্যৱস্থাত পিছপৰা শ্ৰেণীৰ লােকসকলৰ মর্যাদাৰ প্ৰসংগটো নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়; কিন্তু ইয়াক লৈ নতুনকৈ চিন্তা-ভাৱনাৰ প্ৰয়ােজন আছে ।

পিছপৰা শ্ৰেণীৰ ভােটাৰ সকলৰাে গৰিষ্ঠসংখ্যকে আজি বিচাৰে তেওঁলােকৰ প্রতিনিধিজনে উন্নয়নৰ কথাও কওক । নির্বাচন জয়ৰ বাবে কংগ্ৰেছেই দেশৰ ৰাজনীতিত সকলাে ধৰণৰ কূটকৌশল উদ্ভাৱন আৰু ৰূপায়ণ কৰি আহিছে । কিন্তু সময়ৰাে কিছু দাবী থাকে। কংগ্ৰেছৰ কূট-কৌশলৰেই কংগ্ৰেছক পৰাভূত কৰাৰ পাছত বিজেপি আদি দলে নতুন কৌশল ৰূপায়ণ কৰি এটাৰ পাছত আনটো নির্বাচন জয় কৰিছে। যদিও কংগ্ৰেছ দিনে দিনে পিছুৱাই গৈছে ।

পৰিস্থিতি এনে পর্যায় পাইছে যে কংগ্ৰেছৰ ব্যর্থতাৰ বিষয়ে আলােচনা কৰিবলৈকো আজি আৰু আগ্রহী নহয় কোনাে । পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্ৰেছ হাইকমাণ্ডৰ একালৰ অতি বিশ্বস্ত কেপ্টেইন অমৰিন্দ্ৰৰ সিঙে যথার্থভাৱেই কৈছে যে কংগ্ৰেছ নেতৃত্বই কোনাে শিক্ষা নলয়। সেই বাবেই দলৰ স্থিতি অধিক শােচনীয় হৈ পৰিছে; বিজেপিৰ বিকল্প দাঙি ধৰাতাে বহুত দূৰৰ কথা ।

এনে পৰিপ্ৰেক্ষিতত দল ৰক্ষা কৰিবলৈ হ’লে কংগ্ৰেছক তৃণমূলৰ পৰাই নতুনকৈ গঢ়ি তুলিব লাগিব । এক নির্দিষ্ট সময়ৰ বাবে (কমেও ১০ বছৰ) কংগ্ৰেছে কোনাে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকি কেৱল সংগঠন শক্তিশালীকৰণত গুৰুত্ব আৰােপ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল’ব লাগিব । বহুতেই ক’ব যে নির্বাচনত অংশ নল’লে ৰাজনৈতিক দল জীয়াই থাকিব কিদৰে? কিন্তু দলৰ প্ৰাসংগিকতা নাই বুলি প্রমাণ কৰাৰ বাবেই নির্বাচনত প্রতিদ্বন্দ্বিতাৰ কাৰণ থাকিব পাৰে জানাে ?

২০১৪ৰ পাছত নির্বাচনবােৰত কংগ্ৰেছৰ প্রদর্শনলৈ চালে এই কথাই স্পষ্ট হৈ উঠে যে দলৰ ফলাফল অধিক শােচনীয় হৈহে গৈ আছে । দৰাচলতে দেশবাসীয়ে কি বিচাৰিছে তাৰ কোনাে ধাৰণাই যেন নাই সাম্প্রতিক কংগ্ৰেছ নেতৃত্বৰ । নির্বাচনী যুঁজৰ পৰা বিৰত থকাৰ কাৰণে যদি কোনাে নেতা-কর্মী দল ত্যাগ কৰে, তথাপি নতুনকৈ একো ক্ষতি নহয়; কিয়নাে ইতিমধ্যে সমগ্র দেশজুৰি কংগ্ৰেছৰ বহু গুৰুত্বপূর্ণ নেতা আঁতৰি গৈ বিজেপিত চামিল হৈছে আৰু যিসকল যাবলৈ সাজু হৈ আছে সেইসকলকো নেতৃত্বই ধৰি ৰাখিবলৈ সক্ষম হােৱাৰ সম্ভাৱনা ক্ষণ ।

গতিকে সুদীর্ঘ কাল দেশ শাসন কৰা কংগ্ৰেছে ইয়াতকৈ আৰু কি বেছি হেৰুৱাব ? এনে প্ৰেক্ষাপটত নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচনী পথাৰৰ পৰা আঁতৰি থাকিলে নিজকে পুনৰ গঠনৰ সুযোগ পাব বুলি অন্ততঃ আশা কৰিব পাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d