Bhagwant Mann : পাঞ্জাৱৰ মুখ্যমন্ত্রী পদত শপত ল’ব বুধবাৰে, আজি সাংসদ-পদৰ পৰা পদত্যাগ ভগৱন্ত মানৰ

mann 16468956933x2 1

অহা ১৬ মার্চত পঞ্জাৱৰ (Punjab) মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব । তাৰ আগতেই আজি সাংসদ পদৰ পৰা পদত্যাগ দিলে ভগৱন্ত মানে (Bhagwant Mann) । ছাংগাৰুৰ পৰা দুবাৰ লোকসভাত নির্বাচিত হৈছে ৪৮ বছৰীয়া এই আপ নেতাই ।

আজি কু-ত প’ষ্ট কৰি মানে লিখে, আজি দিল্লী গ’লো । ছাংগাৰুৰ সাংসদ পদৰ পৰা পদত্যাগ দিছো । ইমান বছৰে ছাংগাৰুৰ বাসিন্দাসকলে মোক ইমান মৰম দিছে । এতিয়া সমগ্ৰ পঞ্জাৱৰ লোকক সেৱা কৰাৰ সুযোগ আহিছে । ছাংগাৰুৰ লোকক প্রতিজ্ঞা কৰিছো, কিছু মাহৰ ভিতৰতে তেওঁলোকৰ মত লোকসভাত উপস্থাপন হ’ব ।

https://www.kooapp.com/koo/bhagwantmann/b60957fb-f0d8-448a-aa88-8d10d69a0cb4

যোৱা ১০ মার্চত পঞ্জাৱ বিধানসভা নির্বাচনৰ ফলাফল ঘোষিত হয় । নিৰ্বাচনত বিশাল সাফল্য অৰ্জন কৰিছে আম আদমি পার্টিয়ে । ধুৰিৰ পৰা বিজয়ী হৈছে ভগৱন্তও । টেলিভোটৰ মাধ্যমত পঞ্জাৱবাসীৰ ৯৩ শতাংশ ভোট লাভ কৰি তেওঁ মুখ্যমন্ত্রী পদত জয়ী হয় ।

পূৰ্বে পঞ্জাৱৰ ছাংগাৰুৰ পৰা দুবাৰ সাংসদ নির্বাচিত হয় ভগৱন্ত । লোকসভাত আপৰ একমাত্র সাংসদো তেওঁ । একাধিকবাৰ তেওঁক ‘কনিষ্ঠ ভাতৃ’ হিচাপে সম্বোধন কৰা দেখা গৈছে কেজৰিৱালক । নির্বাচনী হলফনামাত ভাড়া ঘৰত থাকে বুলি দেখুৱাইছিল ভগৱন্ত‌ই । যদিও ডেৰ কোটি টকাৰ স্থাৱৰ সম্পত্তি দেখুৱাছিল ।

Exit mobile version