children vaccine : দেশত আৰম্ভ হ’ব ১২-১৪ বছৰ বয়সৰসকলৰ টিকাকৰণ, প্ৰাপ্তবয়স্কৰ বুষ্টাৰ টিকা

UNI 84 Anamaria Dinulescu

কিশোৰ-কিশোৰীৰ টিকাকৰণৰ প্রস্তুতি কৰিছে কেন্দ্র‌ই । সোমবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবীয়‌ই এই বিষয়ে ঘোষণা কৰে । ১২-১৪ বছৰ বয়সৰসকলৰ বাবে টিকাকৰণ আৰম্ভ কৰিব কেন্দ্র‌ই । স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনাইছে, অহা বুধবাৰ পৰাই এই বয়সসীমাৰ শিশুসকলক টিকা দিয়া আৰম্ভ হ’ব সমগ্ৰ দেশত । লগতে সেই দিনটোৰ পৰাই প্ৰাপ্তবয়স্ক সকলকো বুষ্টাৰ টিকা দিয়া হ’ব বুলি জনাইছে স্বাস্থ্যমন্ত্রীয়ে । ষাটোর্ধ্ব সকলে এই টিকা ল’ব পাৰিব ।

সোমবাৰে কেন্দ্রৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রীয়ে টুইটাৰত এই কথা জনায় । তেওঁ টুইটাৰত লিখিছে, ‘শিশুসকল সুৰক্ষিত হ’লেহে দেশ সুৰক্ষিত হ’ব । অহা ১৬ মার্চৰ পৰা ১২ বছৰৰ পৰা ১৩ বছৰ আৰু ১৩ বছৰৰ পৰা ১৪ বছৰৰ শিশুসকলৰ টিকাকৰণ আৰম্ভ হ’ব ।’ শিশুসকলৰ অভিভাৱকসকলক তেওঁ দ্রুত তেওঁলোকৰ সন্তানৰ নাম টিকাকৰণৰ বাবে নথিভুক্ত কৰাৰ অনুৰোধ জনাইছে ।

একেই টুইটতে প্ৰাপ্তবয়স্কসকলক বুষ্টাৰ টিকা দিয়াৰ কথাও ঘোষণা কৰিছে মাণ্ডবীয়ই । টুইটত স্বাস্থ্যমন্ত্রীগৰাকীয়ে লিখিছে, ষাটোর্ধ্বসকলে সেই দিনটোৰ পৰা তেওঁলোকৰ স্বাস্থ্য সংক্রান্ত আগন্তুক সতর্কতাৰ বাবে বুষ্টাৰ টিকা ল’ব পাৰিব । বুধবাৰৰ পৰাই তেওঁলোকক বুষ্টাৰ টিকা দিয়া কাৰ্যসূচী আৰম্ভ হ’ব ।

Exit mobile version