Covid19 Update : ক’ভিড আপডেট

a3fe7544 9e9f 11eb a9a0 55dd4cd60b71 1618569496619 1618583356885

দেশত বিগত ২৪ ঘন্টাত কৰ’নাত সংক্ৰমিত হৈছে তিনি হেজাৰ ১১৬ জন লোক । দুবছৰৰ পৰিসংখ্যাৰ অনুসৰি, বিগত ৬৭৬ দিনত এই সংখ্যা সৰ্বনিম্ন। অৱশ্যে, যোৱা কেইদিনমানৰ পৰা এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।

দেশত মুঠ কৰ’নাত আক্ৰান্ত সংখ্যা চাৰি কোটি ২৯ লাখ ৯০ হাজাৰ ৯৯১ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে।

আজি পুৱা আঠ বজালৈকে দেশত ৩৮ হেজাৰ ৩৯ জন সক্ৰিয় কৰ’না ৰোগী আছে। যি আগৰ দিনতকৈ দুহেজাৰ ৪৯০ কম। বিগত ২৪ ঘণ্টাত, দেশখনত কৰ’নাত ৪৭ জন লোকৰ মৃত্যু হৈছে।

Exit mobile version