Russia-Ukraine War : কিভত যুটিয়া বিস্ফোৰণ, মাৰিউপ’লত মুঠ নিহত আঢ়ৈ হেজাৰ ! পুনৰ বৈঠক কৰিব ইউক্রেইন-ৰাছিয়াই

download 4

যুটিয়া বিস্ফোৰণত বিধ্বস্ত ইউক্রেইন । কিভৰ জনবসতিপূর্ণ এলাকাৰ এটা গৃহৎ ৰুছ ক্ষেপণাস্ত্রৰ আক্ৰমণৰ ফলত দুজন নিহত হৈছে আৰু তিনজনক গুৰুতৰ অৱস্থাত হাস্পাতালত ভর্তি কৰোৱা হৈছে । ঘটনাস্থলৰ পৰা ১৫ জনক উদ্ধাৰ কৰা হৈছে । এই অঞ্চলটোৰ পৰা ‌মুঠ ৬৩ জনক অন্য স্থানত স্থানান্তৰ কৰা হৈছে বুলি ইইউক্রেইনৰ জৰুৰী সেৱা বিভাগে জনাইছে ।

ইয়াৰ উপৰি কিভত ৰুছ বিমান আক্ৰমণৰ ফলত বহু আবাসিক গৃহ ধ্বংসস্তূপত পৰিণত হৈছে । ক্রেমলিনৰ আগ্রাসনৰ বলি হৈ বিপর্যস্ত ইউক্রেইনৰ বন্দৰ চহৰ মাৰিউপ’ল । ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ দপ্তৰৰ পৰামর্শদাতা অ’লেক্সি এৰেষ্ট’ভিচে জনায়, এই পর্যন্ত ৰুছ আক্রমণৰ বলি হৈ মাৰিউপ’লত আঢ়ৈ হেজাৰ লোকৰ মৃত্যু হৈছে । ইয়াৰে কিছু সংখ্যকক ৰুছ সেনাই যুদ্ধবন্দী কৰিছে বুলিও তেওঁ জনায় ।

লগতে এনে পৰিস্থিতিত কিভ-ক্রেমলিনৰ মাজত চতুর্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব বুলিও ইউক্রেইন চৰকাৰৰ এক উচ্চপদস্থ কর্মচাৰীয়ে জনাইছে । তেওঁ লগতে জনায় যে, ভার্চুৱেল মাধ্যমত এই বৈঠক অনুষ্ঠিত হ’ব । পূৰ্বেও কে’বা পৰ্যায়ৰ বৈঠক হৈছে যদিও ফলপ্রসূ হোৱা নাই ।

ইয়াৰ উপৰি ইউক্রেইনৰ অভিযোগ, মস্কো বাহিনীয়ে ইউক্রেইনৰ পৰা একাধিক পশ্চিমীয়া সম্পত্তি ধ্বংস কৰাৰ আৰু বৃহৎ সংস্থাৰ মালিকসকলক বন্দী কৰাৰ হুমকি দিছিল । অৱশ্যে ৰুছ দূতাবাসে এই অভিযোগ খাৰিজ কৰিছে ।

Exit mobile version