এ টি এম জালিয়াতিৰ পৰা হাত সাৰিবলৈ এছ বি আইৰ গ্ৰাহকৰ পৰামৰ্শ

atm cash withdrwawal

আপুনি ভাৰতীয় ষ্টেট বেংক (এছ বি আই) এ টি এমৰ পৰা ধন উলিয়াই নেকি? তেন্তে জালিয়াতিৰ পৰা হাত সাৰিবলৈ তলত দিয়া উপায়সমূহ অৱলম্বন কৰক।

দেশজুৰি এ টি এম কার্ড জালিয়াতিৰ ঘটনা বৃদ্ধি পােৱাৰ প্রতি লক্ষ্য ৰাখি এছ বি আয়ে গ্রাহকসকললৈ বিশেষ কেতবােৰ পৰামৰ্শ আগবঢ়াইছে।

এছ বি আয়ে ২০২০ৰ পহিলা জানুৱাৰীৰ পৰা এ টি এম লেনদেন অধিক সুৰক্ষিত কৰিবলৈ অ’ টি পি ভিত্তিক লেনদেন ব্যৱস্থা আৰম্ভ কৰিছিল।

এই ব্যৱস্থা এ টি এম পৰা ১০ হেজাৰ বা ততােধিক ধন উলিয়ালে প্রযােজ্য হ’ব।গ্রাহকৰ একাউণ্টৰ স’তে সংযােজিত ম’বাইললৈ এটি অ’ টি পি বেংকে প্ৰেৰণ কৰে আৰু উক্ত অ’ টি পি এ টি এমত ব্যৱহাৰ কৰি গ্রাহকে ১০ হেজাৰ বা ততােধিক টকা উলিয়াব পাৰে।

এছ বি আয়ে গ্রাহকক পৰামৰ্শ দি কয় যে এ টি এম লেনদেন অধিক সুৰক্ষিত কৰিব বিচাৰিলে সদায়ে যাতে গ্রাহকে অ’ টি পিৰ মাধ্যমৰে লেনদেন সম্পন্ন কৰে। অ’ টি পি ব্যৱহাৰ কৰি এ টি এমৰ পৰা ধন উলিয়ালে কেতিয়াও এ টি এম কার্ড জালিয়াতি বলি হ’ব নালাগে বুলিও এছ বি আয়ে গ্রাহকক পৰামর্শ দিয়ে।

Exit mobile version