India Covid Bulletin:দেশত হ্ৰাস পাইছে দৈনিক সংক্ৰমণৰ হাৰ

covid test 732x549 thumbnail

img

হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ । বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে দুই হেজাৰ ৫৬৮ জন । ইয়াৰ ফলত দেশত মুঠ চাৰি কোটি ২৯ লাখ ৯৬ হাজাৰ ৬২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ।

বিগত ২৪ ঘণ্টাত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে চাৰি হেজাৰ ৭২২জন লোক। কৰ’নাত আক্ৰান্ত হৈ বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৯৭ জন লোকৰ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা দৈনিক পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত দুই হেজাৰ ৫৬৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ।

সোমবাৰে,আক্ৰান্তৰ সংখ্যা আছিল দুই হেজাৰ ৫০৩ জন । ২৪ ঘণ্টাত, সংক্ৰমিত লোকৰ সংখ্যা সামান্য বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত দেশত দৈনিক সংক্ৰমণৰ হাৰ ০.৩৭ শতাংশ।

Exit mobile version